অসম লাইভ ২৪ঃ জাতিৰ পিতা মহাত্মা গান্ধীৰ সোঁৱৰণত আজি দেশজুৰি পালন কৰা হৈছে গান্ধী জয়ন্তী৷ আজি বাপুজীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী৷ তেখেতৰ সোঁৱৰণত সমগ্ৰ দেশৰ লগতে অসমতো উদযাপন কৰা হয় গান্ধী জয়ন্তী৷ গুৱাহাটীৰ গান্ধী মণ্ডপত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় এই দিৱস৷ ব্ৰিটিছ ঔপনিবেশিক শাসনৰ পৰা দেশক মুক্তি লাভৰ উদ্দেশ্যে নিজৰ জীৱন উৎসৰ্গা কৰা এইগৰাকী মহান ব্যক্তিৰ ওপজা দিনটোত সমগ্ৰ দেশে শ্ৰদ্ধাৰে স্মৰণ কৰে তেওঁক৷
১৮৬৯ চনৰ ২ অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত জন্মগ্ৰহণ কৰিছিল মহাত্মা গান্ধীয়ে। দেশভক্তিৰ আৰু অহিংসাৰ পথেৰে বৈচিত্ৰময় জীৱনাত্ৰাৰ অন্তত গান্ধীৰ পৰা মহাত্ম হৈছিল পোৰবন্দৰৰ মোহন দাস কৰম চাঁদ গান্ধী। কেৱল ভাৰতীয়ই নহয় বৰঞ্চ সমগ্ৰ বিশ্বই অনুসৰণ কৰা উচিত তেখেতৰ অহিংসা তথা নিঃস্বাৰ্থ সেৱাৰ মূল্যবোধৰ পথ। আজিৰ এই বিশেষ দিনটোত দেশৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰীকে ধৰি সমগ্ৰ দেশে স্মৰণ কৰিছে জাতিৰ পিতা মহাত্মা গান্ধীক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ