অসম লাইভ ২৪ঃ অসম চুক্তি ৰূপায়ন নিৰীক্ষণৰ বাবে কমিটি গঠন ৰাজ্য চৰকাৰৰ৷ অসম চৰকাৰ আৰু আছুৰ প্ৰতিনিধিৰে গঠন কৰা হৈছে কমিটি৷ কমিটিত আছে মন্ত্ৰী অতুল বৰা, মন্ত্ৰী পীয়ুষ হাজৰীকা, মন্ত্ৰী অজন্তা নেওগ৷ লগতে আছুৰ সভাপতি দীপাংক নাথ, সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা, মুখ্য উপদেষ্টা ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, উপদেষ্টা প্ৰকাশ চন্দ্ৰ দাস আৰু উপদেষ্টা উদ্দীপজ্যোতি গগৈ৷ আছু আৰু অসম চৰকাৰৰ মাজত অনুষ্ঠিত বৈঠকত কমিটি গঠনৰ সিদ্ধান্ত লোৱা হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ