নিজৰ পচন্দৰ পোছাক পিন্ধি ৰাজহুৱা স্থানত বহুবাৰ ট্ৰলৰ সন্মুখীন হৈছে বলিউদৰ তাৰকা মালাইকা আৰোৱা৷
এই ধাৰা অব্যাহত ৰাখি বৃহস্পতিবাৰেও পুনৰ ট্ৰলৰ সন্মুখীন হ’ল বলিউদৰ তাৰকা অৰ্জুন কাপুৰৰ প্ৰেমিকা মালাইকাই৷
বৃহস্পতিবাৰে মালাইকাই এটা বগা হাত দীঘল চাৰ্টৰ ওপৰত পিন্ধিছিল মুগা ৰঙৰ এটা হাফ চুৱেটাৰ৷ চাৰ্টৰ লগতে চুৱেটাৰটো আছিল মালাইকাৰ বাবে ডাঙৰ৷
কঁকালৰ তলত নাছিল অন্য পোছাক৷ চাৰ্ট আৰু চুৱেটাৰটোৱে কঁকালৰ তলৰ কৰঙলৈকে বৈ পৰিছিল৷ সেয়ে চাগে মালাইকাই শৰীৰৰ তলৰ অংশত অন্য পোছাক পিন্ধা নাছিল৷ এই পোছাক পৰিধান কৰি মালাইকাই শান্তাক্ৰুজ স্বাস্থ্য কেন্দ্ৰলৈ খোজকাঢ়ি গৈছিল৷
মালাইকাৰ পিছে পিছে গৈছিল পাপাৰাৎজিৰ দল৷ পাপাৰাৎজিৰ দলে খোজকাঢ়ি যোৱা মালাইকাৰ ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল কৰিছিল৷
ইয়াৰ পিছতে মালাইকা সন্মুখীন হৈছে ট্ৰলৰ৷ বহুতে অশ্লীল মন্তব্য কৰা লগতে বহুতে কটুক্তি আৰু তাচ্ছিল্য কৰিছে বলিউদৰ তাৰকাগৰাকীক৷
অৱশ্যে ইয়াৰ পূৰ্বেও নেটিজেনৰ এনে ট্ৰলৰ সন্মুখীন হোৱা মালাইকাই এই সম্পৰ্কে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ