মালাইকা আৰোৰাৰ জীৱনলৈ আহিছে নতুন পুৰুষ? এনৰিক ইগলেছিয়াছৰ অনুষ্ঠানৰ পৰাই এই চৰ্চা আৰম্ভ হৈছে অনুৰাগীৰ মাজত৷ অনুষ্ঠানৰ কিছু ভিডিঅ’ সামাজিক মাধ্যমক বিয়পি পৰিছে৷ দেখা গৈছে মালাইকা গানৰ তালে তালে নাচিছে৷ তেওঁৰ কাষতেই ঠিয় হৈ আছে এজন অচিনাকি পুৰুষ৷ অৱশেষত জনা গৈছে এই ৰহস্যময় পুৰুষ কোন? পিন্ধি আছে বগা ছাৰ্ট আৰু ডেনিম পেণ্ট৷ যুৱকৰ বয়স ৩০ ৰ ঘৰত বুলি অনুমান কৰিছে নেটনাগৰিকে৷
মালাইকাৰ চকুত চকু থৈ কথাও পাতিছে যুৱকজনে৷ তাৰপিছতেই নেটনাগৰিকে প্ৰশ্ন তুলিছে কোন এই সুপুৰুষ? বহুতেই আকৌ দাবী কৰিছে, মালাইকাই সুন্দৰ পুৰুষ পছন্দ কৰে৷ সামাজিকমাধ্যমত এই পুৰুষৰ পৰিচয়ক লৈ নানান বক্তব্য বিয়পি পৰিছে৷ বহুকেইজন ইনষ্টাগ্ৰাম ইনফ্লুয়েন্সাৰৰ দাবী, ৩৩ বছৰীয়া এই যুৱকৰ নাম হৰ্ষ মেহতা৷ তেওঁ বেলজিয়ামৰ হীৰাৰ ব্যৱসায়ী৷ বিগত কেইবামাহ ধৰি সম্পৰ্কত আছে মালাইকা আৰু হৰ্ষ৷
২০২৪ চনত অৰ্জূন কাপুৰৰ সৈতে বিচ্ছেদ হয় মালাইকাৰ৷ তাৰপিছৰে পৰা মালাইকাই নিজকে চিংগল বুলিয়েই কৈ আহিছে৷ কিন্তু হৰ্ষক কাষত দেখাৰ পাছতেই বহুতেই কৈছে মালাইকা এতিয়া চিংগল নহয়৷ বিগত বৰ্ষৰ পৰাই হৰ্ষৰ সৈতে বন্ধুত্বপূৰ্ণ সম্পৰ্কত আছে মালাইকা৷ তেওঁলোকৰ মাজত প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠা অৱশ্যে বেছি দিন হোৱা নাই৷ অৱশ্যে মালাইকাই নিজে এতিয়াও এই সম্পৰ্কক লৈ মুখ খোলা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















