বৈদিক জ্যোতিষশাস্ত্ৰত শুক্ৰ গ্ৰহক শুভ গ্ৰহ বুলি ধাৰণা কৰা হয়৷ এই গ্ৰহ মীন ৰাশিত উচ্চ আৰু কন্যা ৰাশিত নীচ অৱস্থাত থাকে৷ শুক্ৰৰ আধিপত্য থকা দুটা ৰাশি হৈছে বৃষ আৰু তুলা ৰাশি৷ জ্যোতিষত শুক্ৰ গ্ৰহক প্ৰেম, সৌন্দৰ্য, কলা আৰু ঐশ্বৰ্য, সুখ সুবিধা আৰু ইচ্ছাৰ কাৰক বুলি ধাৰণা কৰা হয়৷ যাৰ জন্মছকত শুক্ৰ গ্ৰহ ভাল অৱস্থাত থাকে তেওঁলোকৰ জীৱনত ধন সম্পত্তি, সুখ আৰু জাগতিক সুবিধাৰ কোন অভাৱ নহয়৷ শুক্ৰই ২ নৱেম্বৰ ২০২৫ত তুলা ৰাশিত গোচৰ কৰিছে৷ শুক্ৰৰ এই গোচৰত কিছু ৰাশিৰ জাতকৰ শুভ আৰু ভাল পৰিণাম প্ৰাপ্ত হব৷ জানি থওক সেই লাকী ৰাশি কি কি?
মেষ ৰাশি
শুক্ৰৰ গোচৰত মেষ ৰাশিৰ কেৰিয়াৰৰ তুংগত থাকিব৷ নতুন চাকৰিৰ সুযোগ পাব৷ এই চাকৰি বিদেশৰ সৈতে সম্পৰ্কিত হ’ব পাৰে৷ কেৰিয়াৰত নতুন উচ্চতাত উঠিব৷ আপুনি সফলতা পাব৷ লাভৰ সুযোগ আহিব৷ আৰ্থিক দিশত মজবুত হব৷ এই সময়ত বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সংগ পাব৷ বিবাহিত জীৱনত সংগীৰ সমৰ্থন পাব৷ কৰোবাত ঘূৰিবলৈ যোৱাৰ প্লেন কৰিব পাৰে৷
বৃষ ৰাশি
শুক্ৰৰ গোচৰত বৃষ ৰাশিৰ জাতক জাতিকা ভৰপুৰ সুখ সুবিধা প্ৰাপ্ত হব৷ আৰ্থিক দিশত মজবুত হব৷ কেৰিয়াৰত সফলতা আৰু লাভৰ সুযোগ আহিব পাৰে৷ কৰ্মক্ষেত্ৰত ভাল পদ পাব৷ ব্যৱসায়ত নতুন কাম আৰম্ভ হোৱাত ভৰপুৰ লাভ হব৷ কোনো ডাঙৰ আৰ্থিক সফলতা পাব পাৰে৷
কন্যা ৰাশি
শুক্ৰৰ গোচৰত কন্যা ৰাশিৰ জাতকৰ একাধিক লাভ হব৷ হঠাৎ অৰ্থলাভ, পাৰিবাৰিক সুখ আৰু সম্পত্তি বাঢ়িব৷ কেৰিয়াৰৰ ক্ষেত্ৰত ভাল পৰিণাম দেখা দিব৷ ব্যৱসায়ত ভাল লাভ হব৷ আৰ্থিক দিশৰ পৰা এই সময়কাল আপোনাৰ বাবে লাভজনক প্ৰমাণিত হব৷ জীৱনসংগীৰ সৈতে ভাল সম্পৰ্ক বৰ্তি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















