বিশ্বচেম্পিয়ন হোৱাৰ ওপৰিও কেইবা কোটি টকা উপাৰ্জনো কৰিছে ভাৰতীয় মহিলা ক্ৰিকেট দলে৷ হৰমনপ্ৰীত কৌৰ, স্মৃতি মন্ধানাৰাহঁতৰ সাফল্যত আজি সুখী সমগ্ৰ ভাৰত৷ ইফালে টকাৰ অংকৰেও ভাৰতৰ পুৰুষ দলতকৈ বেছি উপাৰ্জন কৰিছে মহিলা দলটোৱে৷ আনকি ২০২৩ চনত পুৰুষে এই দিনত বিশ্বকাপ জিকি অষ্ট্ৰেলিয়াই যিমান টকা পাইছিল, তাতকৈ বেছি টকা পাইছে ভাৰতীয় মহিলা দলটোৱে৷
বিশ্বকাপ জিকাৰ পুৰস্কাৰমূল্য হিচাপে ৩৯ কোটি ৭৮ লাখ টকা পাইছে ভাৰতীয় মহিলা দলে৷ ২০২৩ চনত পুৰুষৰ বিশ্বকাপত ৰোহিত শৰ্মাৰ ভাৰতক হৰুৱাই অষ্ট্ৰেলিয়াই পাইছিল চাৰে ৩৫ কোটি টকা৷ অৰ্থাৎ পেট কামিন্সে যি টকা পাইছিল হৰমনপ্ৰীতহঁতে তেওঁলোকতকৈ ৪ কোটি বেছি পাইছে৷
এইবাৰ চেম্পিয়ন দলে বিগত বাৰৰ মহিলা বিশ্বকাপ চেম্পিয়ন দলতকৈ ২৩৯ শতাংশ বেছি টকা পাইছে৷ ৰানাৰ্ছ আপ দলে পূৰ্বতকৈ ২৭৩ শতাংশ বেছি অৰ্থ পাইছে৷ বিগত বছৰ চেম্পিয়ন আৰু ৰানাৰ্ছ আপ দলে পাইছিল যথাক্ৰমে ১১ কোটি আৰু ৫ কোটি টকা৷ দুই ছেমিফাইনেলিষ্ট অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডে এইবাৰ পাইছে ৯.৩ কোটি টকাকৈ৷ বিহত বছৰ সেয়া আছিল ২.৫ কোটি টকা৷
এইবাৰ বিশ্বকাপৰ মুঠ পুৰস্কাৰমূল্য ১২৩ কোটি টকা৷ বিগত বাৰৰ চাৰিগুণ৷ এইবাৰ আই চিচি পুৰুষ আৰু মহিলাসকলৰ বাবে সমান পুৰস্কাৰমূল্য আৰম্ভ কৰিছে৷ বিগত বছৰ পুৰুষৰ বিশ্বকাপত অৰ্থ দিয়া হৈছিল ৮৪ কোটি৷ মহিলা ক্ৰিকেটাৰসকলক তাতকৈ বেছি অৰ্থ দিয়া হৈছে৷
বিশ্বকাপ খেলা প্ৰতিটো দলে পাইছে ১ কোটি টকাকৈ৷ পঞ্চম আৰু ষষ্ঠ স্থানলৈকে যোৱা দলে পাইছে ৫.৮ কোটি টকা৷ সপ্তম আৰু অষ্টম স্থান শেষ কৰা দলে পাইছে ২.৩ কোটি টকাকৈ৷ গ্ৰুপ পৰ্বত প্ৰতিখন মেচ জয় কৰাৰ বাবে ২৮ লাখ টকাকৈ দিয়া হৈছে৷
২০২৪ চনৰ টি-২০ বিশ্বকাপ জয় কৰাৰ পাছত ৰোহিত শৰ্মা, বিৰাট কোহলিসহ সমগ্ৰ দলক ১২৫ কোটি টকা দিছিল ভাৰতীয় বৰ্ডে৷ হৰমনপ্ৰীতহঁতে ট্ৰফি জয় কৰাৰ পাছত বৰ্ডৰ সচিব দেৱজিৎ লন শইকীয়াই দলক ৫১ কোটি টকা দিয়াৰ কথা ঘোষণা কৰিছে ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















