অসম লাইভ২৪ঃ বলীউডৰ নামী-দামী অভিনেত্ৰীৰ ভিতৰত মালাইকাক বহুতে সন্নিবিষ্ঠ কৰিব নুখুজিলেও অইন অভিনেত্ৰীতকৈ বলীউডত মালাইকাৰ চৰ্চা কোনো গুণে কম নহয়। মডেল তথা ডান্সিংৰ বিশেষভাৱে দখল থকা এগৰাকী অভিনেত্ৰী বুলিলেই সকলোৱে নাম লয় মালাইকা আৰোৰাৰ। বিগত বহুকেইবছৰ ধৰি মালাইকাই অৰ্জুন কাপুৰৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে।
মালাইকা-অৰ্জুনৰ প্ৰেমক বহুতেই বয়সৰ সামঞ্জস্যৰ বাবে বহুসময়ত ইতিকিঙো কৰে যদিও সকলো আওকান কৰি আগুৱাইছে দুয়ো। শেহতীয়াকৈ মালাইকাক পূৰ্বৰ স্বামী আৰবাজ খানৰ সৈতে এক বিশেষ ডিনাৰ পাৰ্টীত একেলগে দেখা গৈছে। দুয়োকে একেলগে দেখা মাত্ৰকেই আৰম্ভ হৈছে চৰ্চা। কিয়নো বিগত কেইমাহ ধৰি আৰবাজেও তেওঁৰ প্ৰেয়সীৰে সৈতে সম্পৰ্ক বিচ্ছেদ কৰিছে। আনহাতে নতুন বৰ্ষৰ প্ৰথম দিনটোতে মালাইকাইয়ো প্ৰেমিক অৰ্জুন কাপুৰৰ সলনি প্ৰাক্তন স্বামী আৰবাজ খানৰ সৈতেহে ডিনাৰ পাৰ্টীত ভাগ লয়। চঞ্চল মালাইকাই পুনৰ আৰবাজৰ সৈতে সম্পৰ্কত আহিব বিচাৰিছে নেকি সেই বিষয়টোৱেহে এতিয়া সমগ্ৰতে চৰ্চা লাভ কৰা পৰিলক্ষিত হৈছে।
মালাইকাই নিশা ক’লৈ গৈছিল আৰবাজৰ সৈতে?
মালাইকা-আৰবাজে মুম্বাইৰ এখন ৰেষ্টুৰেণ্টলৈ গৈ থকাৰ সময়তে সাংবাদিকৰ কেমেৰাত বন্দী হৈছিল বিশেষ ভিডিঅ। বিগত কেইবা বছৰ ধৰি মালাইকাই পুত্ৰক এয়াৰপৰ্টৰ পৰা আনিবলৈ যাওতে নতুবা থবলৈ যাওতেহে পূৰ্বৰ স্বামী আৰবাজৰ সৈতে একেলগে যাত্ৰা কৰিছিল। ইয়াৰ বিপৰীতে কোনো পাৰ্টীতে দুয়োকে একেলগে দেখা নাছিল কোনোৱে।
মন সলনি হৈছে দুয়োৰে। আকৌ একেলগে একেখন ৰেষ্টুৰেণ্টতেই আহাৰ গ্ৰহণৰ বাবে দুয়োৱে যাত্ৰা কৰিছে। তেনে সময়তে একাংশই আকৌ উত্থাপন কৰিছে একোটা প্ৰশ্নও। অৰ্জুুন কাপুৰৰ সৈতে মালাইকাই সম্পৰ্ক বিচ্ছেদ কৰিছে নেকি? অৱশ্যে ভিডিঅ’টো ভাইৰেল হৈছে যদিও মালাইকা-আৰবাজে বৰ্তমানলৈ কোনো প্ৰতিক্ৰিয়া বৰ্তমানো দাঙি ধৰা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ