অসম লাইভ ২৪ঃ ক’ৰোনা ভেকচিন লোৱাৰ পাছত পোৱা চাৰ্টিফিকেটত দেখা পোৱা গৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ফটো। অৱশ্যে কেইবাখনো ৰাজ্যই ইতিমধ্যে চাৰ্টিফিকেটৰ পৰা আঁতৰাইছিল প্ৰধানমন্ত্ৰীৰ ফটোখন। এইবাৰ পশ্চিমবংগ চৰকাৰে হাতত লৈছে এক পদক্ষেপ। ১৮-৪৪ বছৰৰ ব্যক্তি তৃতীয় পৰ্যায়ৰ টিকাকৰণ প্ৰক্ৰিয়াত পোৱা চাৰ্টিফিকেটত এতিয়াৰে পৰা প্ৰধানমন্ত্ৰী মোদীৰ সলনি থাকিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ ফটো। উল্লেখযোগ্য যে বিগত কেইবামাহ ধৰি কেন্দ্ৰীয় চৰকাৰৰ লগত বিভিন্ন বিষয়ত সংঘাত হৈছিল মমতা বেনাৰ্জীৰ। আনকি কোভিড চাৰ্টিফিকেটত মোদীৰ ফটো সংলগ্ন কৰা বিষয়ক লৈ নিৰ্বাচনী আয়োগৰো কাষ চাপিছিল মমতাৰ চৰকাৰ। tmcৰ মতে চাৰ্টিফিকেটত মোদীৰ ফটো সংলগ্ন কৰি বিজেপিয়ে উলংঘন কৰিছিল নিৰ্বাচনী আচৰণ বিধি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ