বেংগালুৰুৰ সত্ৰ আদালতে পত্নীৰ ওপৰত এচিড আক্ৰমণৰে হত্যা কৰাৰ অপৰাধত এজন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে।
কেম্পেগৌডাৰ বাসিন্দা চিনেগৌডা আৰু মঞ্জুলাৰ বিবাহ হৈছিল ১৯৯৬ চনত। বিয়াৰ পিছৰে পৰা স্বামী-স্ত্ৰীৰ মাজত বিবাদে আৰম্ভ হৈছিল। আন কাৰোবাৰ লগত প্ৰেমৰ সম্পৰ্ক থকাৰ সন্দেহত চিন্নেগৌড়াই প্ৰায়ে মঞ্জুলাক প্ৰহাৰ কৰিছিল। এনেকৈয়ে দীৰ্ঘদিন তেওঁলোকৰ সংসাৰ চলি আহিছিল। ইয়াৰ পিছত ২০১৭ চনৰ জুলাই মাহত স্বামীয়ে এই নৃশংস ঘটনা সংঘটিত কৰিছিল।
চিন্নেগৌড়াই পত্নী মঞ্জুলাৰ শাৰীৰিক অত্যাচাৰ কৰাৰ পিছতে শৰীৰলৈ এচিড নিক্ষেপ কৰে। পত্নী মঞ্জুলাৰ চিঞৰ বাখৰ শুনি ওচৰ-চুবুৰীয়াবোৰ দৌৰি আহি তেওঁক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱায়। প্ৰায় দুমাহ ধৰি মঞ্জুলাই মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছিল। ২৯ ছেপ্টেম্বৰত তেওঁৰ মৃত্যু হয়।
লগতে পঢ়ক ১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?
আৰক্ষীয়ে চিনেগৌডাৰ বিৰুদ্ধে কেম্পেগ’ডা আৰক্ষী থানাত গোচৰ তৰিছিল। প্ৰায় চাৰি বছৰ বিচাৰৰ অন্তত অৱশেষত আদালতে তেওঁক দোষী সাব্যস্ত কৰে।
আদালতে জনোৱা মতে, অভিযুক্তজনে পত্নীক লৈ সন্দেহ প্ৰকাশ কৰি আহিছিল। কাৰণ মঞ্জুলা ‘ধুনীয়া’ আছিল। শৰীৰত এচিড নিক্ষেপেৰে মঞ্জুলাৰ শাৰীৰিক সৌন্দৰ্য বিকৃত কৰা চেষ্টা কৰিছিল স্বামীয়ে।
ন্যায়াধীশে ইয়াক ‘নৃশংস হত্যা’ বুলি অভিহিত কৰে। ইয়াৰ পিছতে আদালতে হত্যাৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড আৰু এচিড আক্ৰমণৰ অপৰাধত ১০ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ