• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

4 years ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

21 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

44 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

2 hours ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

5 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

8 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

20 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

21 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?

editor by editor
July 30, 2022
in অসম, ৰাজনীতি
0
১৯৯৪ত কি ডাঙৰ ৰিস্ক লৈছিল হিমন্ত বিশ্ব শৰ্মাই? ডঃ শৰ্মাই প্ৰকাশ নকৰা বিশেষ সফলতাটো কি আছিল?
0
SHARES
755
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱেন্দ্ৰ কুমাৰ দাসঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক সফলতা আৰু উত্থানে ঈৰ্ষান্বিত কৰি তোলে বহু ৰাজনীতিক আৰু সমালোচকক৷ মুখ্যমন্ত্ৰীগৰাকী প্ৰচাৰমুখী বুলিও বহু অভিযোগ আছে৷ ৰাজনৈতিক জীৱনত গ্ৰহণ কৰা বহু সিদ্ধান্তৰ বাবে ৰাজ্যৰ সমাজ জীৱনত বিতৰ্কৰ সৃষ্টিও নোহোৱা নহয়৷ কিন্তু তাৰ মাজতো তেওঁৰ কিছু ব্যতিক্ৰমী সিদ্ধান্ত আৰু সাংগঠনিক সফলতাক তেওঁৰ শত্ৰুৱেও অস্বীকাৰ কৰিব নোৱাৰে৷ তেনে এক বৃহৎ প্ৰত্যাহ্বানপূৰ্ণ সাংগঠনিক আৰু ৰাজনৈতিক সফলতাৰ প্ৰসংগ ইয়াত উত্থাপন কৰিব বিচাৰিছোঁ৷

এই প্ৰসংগৰ পটভূমি ১৯৯৪ চনৰ ৰাজনৈতিক ক্ষেত্ৰ৷ তেতিয়া অসমৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত আছিল প্ৰয়াত হিতেশ্বৰ শইকীয়া৷ অসমৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল প্ৰয়াত লোকনাথ মিশ্ৰ৷ আৰু দেশৰ প্ৰধানমন্ত্ৰী পদত আছিল প্ৰয়াত পমলাপতি ভেংকট নৰসিংহ ৰাও৷

অসমৰ তদানীন্তন মুখ্যমন্ত্ৰীগৰাকীৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল-সংগঠনে সততে উত্থাপন কৰিছিল বহু অভিযোগ৷ একাংশ বুদ্ধিজীৱীয়ে অসমীয়া জাতিৰ শত্ৰু হিচাপেও চিহ্নিত কৰিছিল প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াক৷ কিন্তু তাৰ মাজতো হিতেশ্বৰ শইকীয়াই অসমত এখন পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ পৰিকল্পনা লৈছিল৷

 

লগতে পঢ়ক পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ

প্ৰথম অৱস্থাত নামনি অসমত কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন স্থাপন কৰা হ’ব বুলি সেই সময়ত সংবাদ মাধ্যমতো বাতৰি প্ৰকাশিত হৈছিল৷ কিন্তু পৰৱৰ্তী পৰ্যায়ত পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন অসমৰ মধ্যম স্থল তেজপুৰত স্থাপন কৰিবলৈ তদানীন্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই সিদ্ধান্ত লৈছিল৷

অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা সেই সময়ত প্ৰদেশ যুৱ কংগ্ৰেছৰ নেতা হিচাপে প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ অতি ঘনিষ্ঠ যুৱ নেতা আছিল৷ দৰাচলতে কেন্দ্ৰীয় বিশ্ববিদ্যালয়খন তেজপুৰত স্থাপন কৰিবলৈ হিমন্ত বিশ্ব শৰ্মাই সেই সময়ত মুখ্যমন্ত্ৰীৰ আহ্বান জনাইছিল৷ আৰু সেই মৰ্মে ১৯৯৪ চনৰ ২১ জানুৱাৰীত তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী লোৱা হয়৷ আধাৰশিলা স্থাপন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল দেশৰ তদানীন্তন প্ৰধানমন্ত্ৰী প্ৰয়াত পি ভি নৰসিংহ ৰাওক৷

এই ঘোষণা ৰাজহুৱা হোৱাৰ লগে লগে কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিৰুদ্ধে সৰৱ হৈ উঠিছিল একাধিক ছাত্ৰ সংগঠন৷ কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হ’লে গুৱাহাটী বিশ্ববিদ্যালয় আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ মৰ্যাদা আৰু কৰ্তৃত্ব লাঘব হ’ব বুলি অভিযোগ উত্থাপন কৰিছিল সদৌ অসম ছাত্ৰ সন্থাকে ধৰি বহু দল-সংগঠনে৷ তেনে পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ বাতিল কৰিবলৈ দাবী উত্থাপন কৰে সদৌ অসম ছাত্ৰ সন্থাই৷ কিন্তু তাৰ পাছতো আধাৰশিলা স্থাপন কাৰ্যসূচী বাতিল অথবা সাল-সলনি কৰিবলৈ মান্তি হোৱা নাছিল তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়া৷

 

লগতে পঢ়ক দেশৰ কিমান প্ৰাক্তন সাংসদে লাভ কৰে পেঞ্চন? এমাহত খৰচ হয় কিমান?

গতিকে প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ নিশ্চিত হৈছিল৷ আৰু তেনে পৰিস্থিতিত সদৌ অসম ছাত্ৰ সন্থাই ১৯৯৪ চনৰ ২১ জানুৱাৰীত অসম বন্ধৰ আহ্বান জনাই তেজপুৰত কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনত বাধা আৰোপ কৰাৰ সিদ্ধান্ত লয়৷ একে সময়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভায়ো কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপনৰ বিৰোধিতা কৰে৷ সেই সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সভাপতি আছিল ভূপেন কুমাৰ বৰা৷ বৰ্তমান APCCৰ সভাপতি ভূপেন কুমাৰ বৰায়ো প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাওৰ অসম ভ্ৰমণৰ বিৰোধিতা কৰি বন্ধৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল৷

তেনে এক জটিল ৰাজনৈতিক পৰিস্থিতিত প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণ কাৰ্যসূচী সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজনৈতিক কৌশল নিৰ্ণয়ৰ দায়িত্ব দিয়ে হিমন্ত বিশ্ব শৰ্মাক৷ অসমৰ প্ৰয়াত মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াই তেতিয়াৰ যুৱ কংগ্ৰেছৰ নেতা হিমন্ত বিশ্ব শৰ্মাক সমস্ত বিষয়টো চম্ভালিবলৈ পূৰ্ণ দায়িত্ব অৰ্পণ কৰে৷

পৰৱৰ্তী পৰ্যায়ত হিমন্ত বিশ্ব শৰ্মা সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৰ্গৰ সৈতে মিলিত হয়৷ একে সময়তে তেওঁ ডিব্ৰুগড় ছাত্ৰ একতা সভাৰ তদানীন্তন সভাপতি ভূপেন কুমাৰ বৰাৰ লগতো আলোচনাত মিলিত হয়৷ ভূপেন কুমাৰ বৰাক সৈমান কৰাই হিমন্ত বিশ্ব শৰ্মাই তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ লগতো সম্পৰ্ক স্থাপন কৰাই দিছিল৷

উল্লেখযোগ্য যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উন্নয়নৰ বাবে বিশ্ববিদ্যালয়ৰ তদানীন্তন উপাচাৰ্য মুকুন্দ মাধৱ শৰ্মা আৰু শিক্ষাৰ্থীসকলে বিভিন্ন সময়ত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল৷ কিন্তু তাৰ পাছতো ৰাজ্য চৰকাৰৰ পৰা পোৱা নাছিল বিশেষ আৰ্থিক অনুদান৷ তেতিয়া ভূপেন কুমাৰ বৰাই ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিষয়টো হিমন্ত বিশ্ব শৰ্মাৰ জৰিয়তে তদানীন্তন মুখ্যমন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকীয়াক অৱগত কৰিছিল৷ অৱশ্যে পৰৱৰ্তী পৰ্যায়ত ভূপেন কুমাৰ বৰা আৰু হিমন্ত বিশ্ব শৰ্মাৰ যুটীয়া তৎপৰতাত অসম চৰকাৰৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ে লাভ কৰিছিল ১০ কোটি টকাৰ বিত্তীয় অনুদান৷ সেই ধনেৰে বিশ্ববিদ্যালয়খনৰ ভৱন নিৰ্মাণৰ লগতে পৰিকাঠামোৰো উন্নয়ন হৈছিল৷

 

লগতে পঢ়ক অলৌকিক শক্তিৰ প্ৰভাৱ! কিয় কান্দি কান্দি মূৰ্চা গ’ল কে’বাগৰাকী স্কুলীয়া ছাত্ৰী?

ইফালে হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত সদৌ অসম ছাত্ৰ সন্থাৰ অসম বন্ধৰ কাৰ্যসূচী বাতিল হৈছিল৷ তাৰ পৰিণতিত ১৯৯৪ চনৰ ২১ জানুৱাৰীত তেজপুৰত প্ৰধানমন্ত্ৰী পি ভি নৰসিংহ ৰাৱে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিছিল৷ সাম্প্ৰতিক সময়ত অসমৰ বিদ্যায়তনিক ক্ষেত্ৰত তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ভূমিকা সৰ্বজনবিদিত৷ শিক্ষাৰ প্ৰসাৰ আৰু উন্নয়নৰ ক্ষেত্ৰত বিশ্ববিদ্যালয়খনে গ্ৰহণ কৰা ভূমিকাৰ কথা নকৈ দোহৰাৰ কোনো প্ৰয়োজন নাই৷

কিন্তু অসমৰ শিক্ষাৰ্থীসকলৰ লগতে ৰাইজৰো বহুতে হয়তো নাজানে যে তেজপুৰত অৱস্থিত কেন্দ্ৰীয় বিশ্ববিদ্যালয় স্থাপন হোৱাৰ আঁৰতো মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক দক্ষতা আৰু সাংগঠনিক প্ৰত্যুৎপন্নমতিতাৰ ভূমিকা সৰ্বাধিক আছিল৷ সেই সময়ত অৰ্থাৎ ১৯৯৪ত হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড় ছাত্ৰ একতা সভা আৰু সদৌ অসম ছাত্ৰ সন্থাৰে যোগাযোগ কৰি প্ৰধানমন্ত্ৰী প্ৰয়াত পমলাপতি ভেংকট নৰসিংহ ৰাওৰ অসম ভ্ৰমণ কাৰ্যসূচী সফল কৰি নোতোলা হ’লে হয়তো আজি অসমত নাথাকিলহেঁতেন এখন পূৰ্ণাংগ কেন্দ্ৰীয় বিশ্ববিদ্যালয়! মুখ্যমন্ত্ৰীগৰাকীৰ এনে দক্ষতা আৰু চাতুৰ্যতাৰ বাবে তেওঁ সাম্প্ৰতিক ৰাজনীতিতো এক বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে৷

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: AASUAPCCasom live 24Assam CM Himanta Biswa Sarmaassam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?
অসম

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

August 26, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?
অসম

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

August 25, 2026
Next Post
আপুনিও সাৱধান হওক! ৰাতি মোবাইল চাৰ্জত দি শুইছিল কিশোৰী! পুৱা উদ্ধাৰ হয় মৃতদেহ

আপুনিও সাৱধান হওক! ৰাতি মোবাইল চাৰ্জত দি শুইছিল কিশোৰী! পুৱা উদ্ধাৰ হয় মৃতদেহ

বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!

বনকৰা মানুহৰ সৈতে প্ৰেম মালিকনী! বিয়া পাতি স্বামীক মাতে চালমান খান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.