উত্তৰাখণ্ডৰ বাগেশ্বৰ জিলাৰ এখন চৰকাৰী বিদ্যালয়ত অধ্যয়নৰত কে’বাগৰাকীও ছাত্ৰী একেলগে কান্দি কান্দি কান্দি মূৰ্চাত পৰি থকা এটা ভিডিঅ’ শেহতীয়াকৈ ভাইৰেল হৈছে। ভিডিঅ’টো ভাইৰেল হোৱাৰ পাছতে স্থানীয় ৰাইজে ছাত্ৰীসকলৰ শৰীৰত ভূতে লম্ভা বুলি দাবী কৰিছে৷
তেওঁলোকে কয় যে ছাত্ৰীকে’বাগৰাকীয়ে অদ্ভুত আচৰণ কৰাৰ তাৰ পিছত তেওঁলোক উন্মাদ হৈ পৰিছিল। এই ক্ষেত্ৰত চৰকাৰে কন্যা ছাত্ৰীসকলক চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰিছে। ইফালে ঘটনা সন্দৰ্ভত গোচৰ ৰুজু কৰা তদন্তত নতুন তথ্য প্ৰকাশ পাইছে।
ঘটনাৰ পিছত বিদ্যালয়খন পৰিদৰ্শন কৰা বাগেশ্বৰ জিলাৰ অতিৰিক্ত মুখ্য চিকিৎসা বিষয়া হৰিশ পোখাৰিয়াই কয় যে তদন্তত বাকী ছোৱালী কেইজনী ঠিকেই আছে যদিও অষ্টম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ আচৰণো অদ্ভুত হোৱা দেখা গৈছে৷
লগতে পঢ়ক অন্য শিক্ষয়িত্ৰীৰ সৈতে হোটেলত দুস্কাৰ্য শিক্ষয়িত্ৰীৰ স্বামীৰ, ভিডিঅ’ ভাইৰেল কৰি পলাতক
ইফালে ডাক্তৰ পোখাৰিয়াই কয় যে এগৰাকী ছাত্ৰীৰ পৰা মাছ হিষ্টেৰিয়া আৰম্ভ হৈছিল। প্ৰথমগৰাকী ছাত্ৰীক দেখিয়ে অন্যকেগৰাকী ছাত্ৰীয়েও একে ধৰণৰ আচৰণ কৰিবলৈ ধৰিলে। প্ৰথমে আক্ৰান্ত হোৱা ছাত্ৰীগৰাকীয়ে নেত্ৰীৰ দৰে আচৰণ কৰিছিল আৰু বাকীকেইগৰাকীয়ে তেওঁক অনুসৰণ কৰিছিল৷
বিদ্যালয়খনৰ সমীপত মেডিকেল ষ্ট’ৰ চলোৱা এজন ব্যক্তিৰ মতে, নেত্ৰী ছাত্ৰীগৰাকীৰ এজন বৃদ্ধ আত্মীয়ই কিছুদিন পূৰ্বে ফাঁচী লগাই আত্মহত্যা কৰিছিল। ছাত্ৰীগৰাকীয়ে বৃদ্ধাগৰাকীৰ মৃতদেহ গছত ওলমি থকা দেখিছিল। হয়তো সেই ছবিয়ে ছাত্ৰীগৰাকীৰ মনত গভীৰ ৰেখাপাত কৰাৰ ফলতে অদ্ভুত আচৰণ কৰিবলৈ ধৰিছিল।
লগতে পঢ়ক ১১ বছৰীয়া কিশোৰীক এমাহত কে’বাবাৰো গণ ধৰ্ষণ, ৯ অভিযুক্তক গ্ৰেপ্তাৰ আৰক্ষীৰ
উত্তৰাখণ্ডৰ ৰাজ্যিক মানসিক স্বাস্থ্য প্ৰাধিকৰণৰ সদস্য ডাঃ পৱন শৰ্মাও এই কথাত একমত। তেওঁলোকে কয় যে আনৰ দ্বাৰা প্ৰভাৱিত হৈ আমাৰ মনটোৱে স্বয়ংক্ৰিয়ভাৱে তৰংগ নিৰ্গত কৰে আৰু তাৰ পিছত শৰীৰেও একেটা ক্ৰিয়া আৰম্ভ কৰে। যেনে, যদি এজন ব্যক্তিয়ে শোকৰ পৰিবেশত কান্দিবলৈ ধৰে (Mass Hysteria), তেন্তে তেওঁক দেখি বাকীসকলেও কান্দিবলৈ আৰম্ভ কৰে।
বাগেশ্বৰৰ মুখ্য শিক্ষা বিষয়া গজেন্দ্ৰ সাউনে কয় যে উত্তৰাখণ্ডত এনে ঘটনা সাধাৰণ কথা। ইয়াৰ পূৰ্বেও চামোলী, আলমোৰা, পিথোৰাগড়কে ধৰি বহু ঠাইত এনে ঘটনা চৰ্চালৈ আহিছে। এনেদৰে প্ৰায় ২-৩ দিন চলি থাকে আৰু তাৰ পিছত সকলো স্বাভাৱিক হৈ পৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ