ৰাতি বিচনাতে মোবাইল চাৰ্জত দি শোৱে নেকি? যদি শোৱে সাৱধান হওক৷ পাৰিলে এই অভ্যাস ত্যাগ কৰিবলৈ চেষ্টা কৰক৷
ৰাতি তেনেকৈ শুই থকা এগৰাকী কিশোৰীৰ পিছদিনা পুৱা মৃত অৱস্থাত উদ্ধাৰ কৰা হৈছে৷ এই দুৰ্ভাগ্যজনক ঘটনাটো কম্বোডিয়াত সংঘটিত হৈছে৷
লগতে পঢ়ক পত্নীয়ে কৈছিল মোৰ সৈতে প্ৰধানমন্ত্ৰী মোদী আৰু যোগী আছে৷ স্বামীয়ে পঠালে তিনি তালাকৰ নোটিচ
দ্য মিৰ’ৰ’ত প্ৰকাশ পোৱা প্ৰতিবেদন অনুসৰি কম্বোডিয়াৰ ক্ৰেটি প্ৰদেশৰ এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে ৰাতি বিতনাতে মোবাইল চাৰ্জ দি শুই গৈছিল৷ পিছদিনা পুৱা বিচনাতে শয়ন্ত অৱস্থাত খোৰ্ণ চ্ৰে প’ভক কিশোৰীগৰাকীৰ মৃতদেহ উদ্ধাৰ হয়৷
এটা সোণৰ খনিত কোম্পানীত চীনা অনুবাদক হিচাপে কাম কৰা কিশোৰীগৰাকীয়ে গা ধুই আহি বিচনাতে ইলেক্ট্ৰিক প্লাগটোৰ লগত সংযোগ কৰি মোবাইল চাৰ্জ দি শুই পৰে৷
কিশোৰীগৰাকী ঘোৰ টোপনিত থকাৰ সময়তে মোবাইল চাৰ্জাৰ সংযোগ কৰা ইলেক্ট্ৰিক প্লাগটোত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ