এক আজৱ বিজ্ঞাপনে সামাজিক মাধ্যমত বিশেষ চৰ্চা লাভ কৰিছে৷ পিতৃৰ অকাল মৃত্যুৰ পিছতে মাতৃৰ বাবে পুনৰ স্বামী বিচাৰি পুত্ৰই সামাজিক মাধ্যমত এক বিজ্ঞাপন প্ৰকাশ কৰিছে৷
ইয়াৰ পিছতে এই বিজ্ঞাপনে সামাজিক মাধ্যমৰ লগতে সংবাদ মাধ্যমতো বিশেষভাৱে চৰ্চা লাভ কৰা দেখা গৈছে৷
এই বিশেষ বিজ্ঞাপনটো প্ৰকাশ কৰিছে বাংলাদেশৰ কেৰাণীগঞ্জৰ বাসিন্দা মহম্মদ অপূৰ্বই৷ বাংলাদেশৰ সংবাদ প্ৰতিষ্ঠান ‘প্ৰথম আলো’ত প্ৰকাশিত বাতৰি অনুসৰি দুবছৰ পূৰ্বে মহম্মদ অপূৰ্বৰ পিতৃ ইয়াদ আলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল৷
লগতে পঢ়ক ৰেডিঅ’লজীৰ মাধ্যমেৰে যন্ত্ৰণাৰহিত চিকিৎসা কেনেকৈ কৰা হয়?
মহম্মদ অপূৰ্ব আৰু তেওঁৰ ভাতৃ দুয়ো আৰ্থিকভাৱে স্বাধীন আৰু তেওঁলোকে নিজা নিজা ব্যৱসায় চম্ভলাৰ লগতে স্বাধীন জীৱন যাপন কৰিব বিচাৰে৷ পিতৃৰ মৃত্যুৰ পিছতে সেয়ে তেওঁলোকৰ মাতৃ নিসংগ হৈ পৰিছে৷
দুয়ো পুত্ৰই মাতৃক সুখী হোৱাটো বিচাৰে৷ তেওঁলোকে ভাবে যে মাতৃয়ে পুনৰ নতুন সংগীৰে জীৱন আৰম্ভ কৰিলে সুখী হ’ব পাৰিব৷ সেয়ে মহম্মদ অপূৰ্বই মাতৃৰ সৈতে তোলা এখন ফ’টো শ্বেয়াৰ কৰি এই আজৱ বিজ্ঞাপনটো প্ৰকাশ কৰিছে৷
সামাজিক মাধ্যমৰ পোষ্টটোত পুত্ৰ অপূৰ্বই লিখিছে ‘দেউতা ডুকাল। সেয়ে মাৰ বাবে এজন পাত্ৰ বিচাৰি আছো।’ তেওঁ লগতে পাত্ৰ কেনেধৰণৰ হোৱাটো প্ৰয়োজন তাৰ বিষয়েও উল্লেখ কৰিছে।
লগতে পঢ়ক নাবালিকাক ধৰ্ষণ, প্ৰাক্তন মাদ্ৰাছা শিক্ষকসহ অন্য এজনক গ্ৰেপ্তাৰ আৰক্ষীৰ
নতুন স্বামীৰ শৈক্ষিক অৰ্হতা কম হ’লেও কোনো সমস্যা নাই। ব্যৱসায় বা চাকৰি, মৃৎ শিল্পৰ বৃত্তি থাকিব লাগিব বুলি কথা নাই। কিন্তু তেওঁৰ ঘৰ ঢাকা চহৰ বা ইয়াৰ আশে-পাশে হ’ব লাগিব। আৰু পাত্ৰৰ বয়স ৪২ৰ পৰা ৫০ বছৰৰ ভিতৰত হ’ব লাগে।
পুত্ৰই সংবাদ মাধ্যমৰ আগত জনোৱা মতে মাতৃৰ অনুমতি সাপেক্ষে দুয়ো ভাতৃয়ে এই উদ্যোগ লৈছে। তেওঁলোক দুয়ো কামত বৰ ব্যস্ত। সেয়ে তেওঁলোকৰ মাতৃয়ে বৰ অকলশৰীয়া অনুভৱ কৰে।
মহম্মদ অপূৰ্বৰ এই পোষ্টটো ইতিমধ্যে ভাইৰেল হৈ পৰিছে। মাতৃৰ বাবে পাত্ৰ বিচৰা পুত্ৰৰ এই পদক্ষেপক বহু নেট-নাগৰিকে প্ৰশংসা কৰিলেও একাংশ উপহাস কৰাও দেখা গৈছে৷ নেটনাগৰিকে যিয়ে নকওক কিয় অপূৰ্ব আৰু তেওঁৰ ভাতৃয়ে মাতৃৰ বাবে উপযুক্ত পাত্ৰৰ বাবে এতিয়াও অপেক্ষা কৰি আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















