অসম লাইভ ২৪ঃ বৰ্তমান সময়ত ফেচবুক প্ৰত্যেক ব্যক্তিৰ বাবে অতীব প্ৰয়োজনীয় হৈ উঠিছে৷ ফেচবুক অবিহনে দিনটোৱেই আধৰুৱা হৈ ৰয় ব্যৱহাৰকাৰীসকলৰ বাবে৷ প্ৰতিটো মুহূৰ্তত ফেচবুকৰ আপডেটসমূহ চাই থকাটো অভ্যাসলৈ পৰিণত হৈছে বহুতৰ বাবে৷ এই অভ্যাসে বহু ক্ষতি কৰে ব্যক্তিৰ৷ সেইবাবে এই বদঅভ্যাস আঁতৰোৱাৰ উদ্দেশ্যে এগৰাকী কৰ্মচাৰীক নিয়োগ কৰিছে এজন ব্যৱসায়ীয়ে৷ ভাৰতীয়-আমেৰিকান প্ৰতিষ্ঠিত ব্যৱসায়ী তথা কম্পিউটাৰ প্ৰ’গেমাৰ মনিষ শেঠীয়ে নিয়োগ কৰিছে কৰ্মচাৰী৷ মহিলাগৰাকীৰ নাম কাৰা৷ প্ৰতিঘণ্টাত কাৰাই লাভ কৰে ৮ মাৰ্কিন ডলাৰ৷ কাৰা কাম হৈছে কামৰ মাজত ফেচবুক ব্যৱহাৰ কৰি থাকিলে মনিষ শেঠীক চৰ শোধোৱা৷ মালিকক কেৱল চৰ শোধাইয়ে লাভ কৰে ধনৰাশি৷ কিয়নো কামৰ মাজতে ফেচবুকত মগ্ন হৈ থকাৰ বাবে পূৰ্বৰ তুলনাত ৩৫-৪০ শতাংশ লোকচানৰ সন্মুখীন হৈছিল মনিষ শেঠী৷ কিন্তু কাৰাক নিয়োগ কৰাৰ পাছৰেপৰা পুনৰ বৃদ্ধি পাইছে উৎপাদনশীলতা৷ ৯ বছৰ পূৰ্বেই এই কথা ব্লগৰ জৰিয়তে জনাইছিল মনিষ শেঠীয়ে৷ কিন্তু শেহতীয়াকৈ এলন মাস্কে ফটোখন শ্বেয়াৰ কৰি নিজৰ মন্তব্য প্ৰকাশ কৰাত পুনৰ ভাইৰেল হৈছে প’ষ্টটো৷ ফটোখনে আমোদ দিছে বহুজনক৷
The story of Maneesh Sethi, the computer programmer who hired a woman to slap him in the face every time he used Facebook, resulting in massive productivity increase [read more: https://t.co/Q5fKjYtFSo] pic.twitter.com/d8pnt3Jd8k
— Massimo (@Rainmaker1973) November 10, 2021
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ