অসম লাইভ ২৪ঃ আলফা(স্বাঃ)ত যোগদান অসমৰ ৫ গৰাকীকৈ মেধাৱী ছাত্ৰীৰ৷ ইয়াৰে দুগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ বক্সিঙত পদকপ্ৰাপ্ত৷ তিনিচুকীয়াৰ এগৰাকী, গোগামুখৰ এগৰাকী, লখিমপুৰ জিলাৰ লালুকৰ এগৰাকী, মৰিগাঁও জিলাৰ এগৰাকী আৰু এগৰাকী যুৱতী মাজুলীৰ৷ গোগামুখৰ সবিতা চেতিয়া, তিনিচুকীয়াৰ নয়নমণি চেতিয়া ৰাষ্ট্ৰীয় পর্যায়ৰ বক্সিং খেলুৱৈ৷ আলফাত যোগদান কৰে লখিমপুৰ জিলাৰ লালুকৰ যুৱতী শর্মিষ্ঠা শইকীয়াই৷ ২৩ অক্টোবৰত নেপাললৈ গৈছিল নয়নমণি চেতিয়া৷ অংশ লৈছিল আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত৷ সবিতা চেতিয়াই গোৱাত অনুষ্ঠিত প্ৰতিযোগিতাত লাভ কৰিছিল ব্ৰঞ্জৰ পদক৷ ইতিমধ্যে আটায়ে বন্ধ কৰি দিছে নিজৰ ফে’চবুক একাউণ্ট৷ আটাইকেইগৰাকী যুৱতীয়ে আলফাত যোগদান কৰাৰ কথা স্পষ্ট হোৱাৰ পাছত অভিযান আৰম্ভ কৰিছে অসম আৰক্ষীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ