বিদেশত নহয়, এইবাৰ ভাৰতৰে এখন নদীত ঘঁৰিয়ালৰ আক্ৰমণত নিহত হৈছে এজন ৩০ বছৰীয়া যুৱক৷
এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছে গুজৰাটৰ বদোদৰাত৷ সোমবাৰে গুজৰাট চৰকাৰৰ এগৰাকী বন বিভাগৰ বিষয়া ৰবিৰাজ সিং ৰাথোড়ে জনোৱা ঘটনাৰ বিৱৰণীৰ মতে দেওবাৰে বিয়লি জিলাখনৰ পাদ্ৰা তালুকৰ সোখদাৰঘু গাঁৱৰ সমীপৰ ধধৰ নৈত এজন ৩০ বছৰীয়া যুৱকক ঘঁৰিয়ালে হঠাতে আক্ৰমণ কৰে৷ ঘঁৰিয়ালৰ কামোৰ মৃত্যু হোৱা যুৱকজন গাঁওখনৰ ইমৰাণ দিৱান বুলি চিনাক্ত কৰা হৈছে৷
ঘঁৰিয়ালৰ আক্ৰমণৰ পিছতে যুৱকজন সন্ধানহীন হয় আৰু স্থানীয় প্ৰশাসন, বন বিভাগৰ সহযোগত উদ্ধাৰকাৰী দলে কে’বাঘণ্টা ধৰি অভিযান চলোৱাৰ অন্তত নিশা প্ৰায় ১০ বজাত যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷
লগতে পঢ়ক যদি আপুনি অকলে ৰেষ্টুৰেণ্ট বা চিনেমালৈ যাব পাৰে, আপুনি জীৱনত যিকোনো কাম কৰিব পাৰে
বন বিষয়াগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা মৃতদেহটোৰ কান্ধতহে ঘঁৰিয়ালে কামোৰাৰ চিহ্ণ পোৱা গৈছে৷ যুৱকজনক কি কাৰণে ঘঁৰিয়ালে কামুৰিবলৈ পালে বা যুৱকজনে নদীখনত কি কৰিবলৈ গৈছিল সেয়া তদন্তৰ পিছতহে জানিব পৰা হ’ব বুলিও বিষয়াগৰাকীয়ে সংবাদ মাধ্যমত আগত প্ৰকাশ কৰিছে৷
ইফালে প্ৰকাশিত খবৰৰ মতে যুৱকজনক নদীৰ পাৰৰ পৰা এটা ঘঁৰিয়ালে কামুৰি টানি নিয়া ভিডিঅ’ মোবাইলত ৰেকৰ্ডিং কৰা হৈছে৷ অৱশ্যে ঘঁৰিয়ালটোৱে যুৱকজনক কামুৰি টানি নিয়াৰ পূৰ্বে কি কৰি আছিল তাৰ ভিডিঅ’ তথা সবিশেষ একো তথ্য লাভ কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ