অসম লাইভ২৪ঃ ভালপোৱাৰ পৰিণতি ইমান ভয়ংকৰ হ’ব পাৰে ভাৱিবই নোৱাৰি৷ নতুন দিল্লীত শ্ৰদ্ধা ওয়ালকৰৰ হত্যাকাণ্ডই দেশজুৰি প্ৰেমৰ নৃশংসতাৰ কথা সোঁৱৰাই দিছে৷ কিন্তু এনেদৰে প্ৰেমৰ নৃশংসতাৰ বলি হৈ কেৱল শ্ৰদ্ধাৰেই মৃত্যু ঘটিছেনে? এনেকুৱা বহু প্ৰেমৰ মৃত্যু ঘটিছে নৃশংসতাৰেই৷ বহু প্ৰেমৰ জন্ম হৈছে মৰমেৰে আৰু শেষ হৈছে তেজৰ ডোঙাত৷ তেনে এটি হত্যাকাণ্ড হৈছিল আমেৰিকাতো৷ আমেৰিকাৰ মায়ামিৰ ঘটনাটোতো শ্ৰদ্ধাৰ দৰেই ৰক্তাক্ত এটি ভালপোৱাৰ কাহিনী৷ প্ৰেমিকৰ গুলিত মৃত্যু ঘটিছে প্ৰেমিকাৰ৷ সেই ঘটনাটোচো প্ৰেমিকক গ্ৰেপ্তাৰৰ পাছতহে পোহৰলৈ আহিছে সমগ্ৰ কাহিনী৷
এসময়ত যাৰ সৈতে প্ৰেমৰ কথাবোৰ আওৰাইছিল সেই প্ৰেয়সীকেই গুলিয়াই থকাসৰকা কৰিলে প্ৰেমিকে৷ এই হত্যাকাণ্ডৰ কথা পোহৰলৈ অহাৰ পাছতেই সকলো সোঁৱৰি উঠিছে৷ কিন্তু কিয় প্ৰেমিকে হত্যা কৰিলে প্ৰেয়সী মামে আমুয়াহক? মামে প্ৰেমিকৰ সৈতে পূৰ্বৰ দৰে সেইদিনাও কিছু সময় কটাবলৈ মন কৰি প্ৰেমিকলৈ ফোন কৰে৷ কিন্তু ফোন নধৰিলে প্ৰেমিকে৷ এবাৰ নহয়, বাৰে বাৰে পোন কৰি থকা স্বত্বেও ফোন নধৰিলে প্ৰেমিকে৷ প্ৰেমিক পোন নধৰাত প্ৰেমিকৰ ঘৰলৈ যাত্ৰা কৰে মামেই৷
কিন্তু প্ৰেমিকে ইচ্ছাকৃতভাৱেই ধৰা নাছিল ফোনটো৷ অন্য এগৰাকী সুন্দৰী যুৱতীৰে সৈতে মধুনিশা যাপন কৰাৰ পৰিকল্পনা কৰিছিল প্ৰেমিকে৷ সুন্দৰী যুৱতীগৰাকীৰ সৈতে বাসগৃহত মধুৰ সময় কটাই থকাৰ সময়তে প্ৰেয়সী মামে উপস্থিত হৈছিলগৈ প্ৰেমিকৰ গৃহত৷ তেনেতেই অঘটন৷ প্ৰেয়সীয়ে দুৱাৰত টোকৰ দিয়াত অসময়ত এনেদৰে গৃহলৈ অহাৰ বাবেই প্ৰেমিকে মামেক উদ্দেশ্যী গুলিচালনা কৰে৷ এটা দুটা নহয়৷ কেইবাটাও গুলিয়ে ভেদী যায় প্ৰেয়সী মামেক৷ গুলিচালনাত থিতাতেই মৃত্যু ঘটে প্ৰেয়সী মামেৰ৷
বিগত বছৰৰ মে মাহত এই হত্যাকাণ্ড সংঘটিত হৈছিল৷ এবছৰ ধৰি ঘটনাটো গাপ দি ৰাখিছিল যুৱকজনে৷ কিন্তু অপৰাধ, ধৰা পৰিবই৷ শেহতীয়াভাৱে চলিত বৰ্ষৰ ১৭ নৱেম্বৰত পোহৰলৈ আহে সমগ্ৰ ঘটনাৰ তথ্য৷ যদিও যুৱকে আত্মৰক্ষাৰ বাবে গুলিচালনা কৰা বুলি আদালতত মত দাঙি ধৰিছে কিন্তু এই ঘটনাক লৈ মুখ খুলিছে দুৰ্ভগীয়া প্ৰেয়সীৰ মাতৃয়ে৷ মাতৃৰ অভিযোগৰ ভিত্তিতেই দোষী সাবস্ত কৰা হৈছে যুৱকজনক৷ অৱশ্যে যুৱকজনক কি শাস্তি ঘোষণা কৰিব সেয়াহে বৰ্তমানো জানিব পৰা হোৱা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ