• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

1 month ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

9 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

9 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

10 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

10 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

10 hours ago
Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

Navratri 2026: নৱৰাত্ৰিত কিয় জ্বলোৱা হয় অখণ্ড জ্যোতি, ইয়াৰ তাৎপৰ্য কি?

11 hours ago
IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

IND vs WI: বৰ্ষাপাৰাত ভাৰত-ৱেষ্ট ইণ্ডিজৰ মাজত দ্বিতীয়খন ODI মেচ, বিৰাটৰ ওপৰত আশা অনুৰাগীৰ!

12 hours ago
শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

শিশুৰ ছ’চিয়েল মিডিয়া ব্যৱহাৰত বাধা! চৰকাৰে লৈছে বৃহৎ পদক্ষেপ

13 hours ago
ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

ৰূপম শইকীয়াক এৰি দিলে আৰক্ষীয়ে, নিমিষাৰ সৈতে হোমষ্টেত সুৰাপান কৰিছিল ৰূপমে

13 hours ago
তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

তেতেলীৰ বীজে জাগ্ৰত কৰে পুৰুষৰ কামনা! আজিয়েই জানক উপকাৰী গুণৰ বিষয়ে

14 hours ago
সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

সৌভাগ্য উদয়! ৫ ৰাশিৰ জাতক-জাতিকাৰ বাবে আহিব পাৰে সুখবৰ

15 hours ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ

নৱতাৰকাৰ উদয়, নতুন আশাৰ ৰেঙণি

editor by editor
August 19, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
শ্ৰীলংকাৰ বিৰুদ্ধে বিশাল ব্যৱধানৰ জয়তকৈও স্বস্তিৰ বিশেষ দুটা কাৰণ
0
SHARES
370
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

টেষ্ট ক্ৰিকেটত সাময়িক ব্যৰ্থতাৰ অন্তত অৱশেষত জয়ৰ মুখ দেখিলে টীম ইণ্ডিয়াই। শ্ৰীলংকাৰ গালেত অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন টেষ্টত আয়োজক শ্ৰীলংকাৰ বিৰুদ্ধে টীম ইণ্ডিয়াই ১৬৫ ৰানৰ বিশাল ব্যৱধানত জয়লাভ কৰিবলৈ সক্ষম হয়। এই জয়ৰ মূলতে আছিল ৩নং স্থানত বেটিং কৰিবলৈ অহা দেৱদত্ত পাডিক্কেলৰ বিস্ফোৰক শতকীয় ইনিংছ আৰু মানৱ সুথৰৰ দুৰ্দান্ত বলিং। ইয়াৰ উপৰিও বেটেৰে কে এল ৰাহুল ঋষভ পণ্ট, ধ্ৰুৱ জুৰেলেও দলক গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়।

মেচখনত শুভমন গিলবাহিনীয়ে প্ৰথমে বেটিং কৰি পাডিক্কেলৰ ১৬৭ ৰানৰ লগতে অপেনাৰ কে এল ৰাহুলৰ ৮২ আৰু ধ্ৰুৱ জুৰেলৰ ৫১ ৰানৰ সহায়ত ৪৬২ ৰান সংগ্ৰহ কৰে। শ্ৰীলংকাৰ হৈ প্ৰভাথ জয়সূৰ্যই ৪টা উইকেট দখল কৰাৰ বিপৰীতে কেশ্বাৰা নুৱান্থাই ৩টা আছিথা ফাৰ্নাণ্ডোৱে দুটা উইকেট দখল কৰে। ৪৬২ ৰানৰ প্ৰাথমিক লক্ষ্য আগত লৈ ক্ৰিজলৈ অহা শ্ৰীলংকাই ২৮৪ ৰানতে আটাইকেইটা উইকেট হেৰুৱায়। শ্ৰীলংকাৰ হৈ ছনাল ডিনুছাই ১০০ ৰানৰ উপৰিও নিৰছান ডিকৱালাই ৮০ ৰানৰ বৰঙণি আগবঢ়ায়। ভাৰতৰ হৈ শ্ল লেফ্টআৰ্ম অৰ্থডক্স স্পীনাৰ মানৱ সুথৰে ৪টা উইকেট দখল কৰাৰ উপৰিও ৰবীন্দ্ৰ জাদেজাই ৩টা আৰু মহম্মদ ছিৰাজ, প্ৰষিদ্ধ কৃষ্ণ আৰু কুলদ্বীপ যাদৱে এটাকৈ উইকেট দখল কৰে। উল্লেখ্য যে জাদেজাই ৩টা উইকেট দখল কৰাৰ লগে লগে এক অনবদ্য ৰেকৰ্ডৰো গৰাকী হয়। টেষ্ট ক্ৰিকেটত ৩৫০ বা ততোধিক উইকেট আৰু ৪০০০ ৰান সম্পূৰ্ণ কৰা বিশ্বৰ চতুৰ্থজন খেলুৱৈত পৰিণত হয়। ইয়াৰ পূৰ্বে এই মাইলষ্টন স্পৰ্শ কৰিছিল ভাৰতৰ কিংবদন্তি অলৰাউণ্ডাৰ কপিল দেৱ, ইংলেণ্ডৰ য়ান বথাম আৰু নিউজীলেণ্ডৰ ডেনিয়েল ভিট্টৰীয়ে। ইয়াৰ উপৰিও এই ডাবল মাইলষ্টন স্পৰ্শ কৰা দ্ৰুততম খেলুৱৈতো পৰিণত হয় ৰবীন্দ্ৰ জাদেজা।

১৭৮ ৰানৰ অগ্ৰগতিৰে দ্বিতীয় ইনিংছত ক্ৰিজলৈ অহা ভাৰতে ১৯৩ ৰানতে আটাইকেইটা উইকেট হেৰুৱালেও ৩৭১ ৰানৰ অগ্ৰগতি লাভ কৰে। দ্বিতীয় ইনিংছত পণ্টে নিজৰ স্বভাৱসুলভ মাৰমুখী বেটিঙেৰে দ্ৰুতগতিত ৬৬ ৰান সংগ্ৰহ কৰে। প্ৰথম ইনিংছৰ তাৰকা খেলুৱৈ পাডিক্কেলেও ৪৪ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। দ্বিতীয় ইনিংছত শ্ৰীলংকাৰ হৈ ফাৰ্নাণ্ডোৱে ৪টা, জয়সূৰ্যই ৩টা, লাহিৰু কুমাৰাই দুটা আৰু নুৱান্থাই এটা উইকেট দখল কৰে। ৩৭২ ৰানৰ বিজয়লক্ষ্য আগত লৈ খেলপথাৰত নমা শ্ৰীলংকাৰ ২০৬ ৰানতে পৰিসমাপ্তি ঘটে নিজৰ ইনিংছৰ। চতুৰ্থ ইনিংছত মানৱ সুথাৰে শ্ৰীলংকাৰ ৬জনকৈ বেটছমেনক দেখুৱায় পেভেলিয়নৰ বাট।

নৱতাৰকাৰ উদয়, নতুন আশাৰ ৰেঙণি

উল্লেখ্য যে ৩নং স্থানত বেটিং কৰিবলৈ অহা দেৱদত্ত পাডিক্কেলৰ ১৬৭ ৰানৰ ইনিংছটোৱে ভাৰতীয় ক্ৰিকেট অনুৰাগীক দিশে আশাৰ ৰেঙনি। কিয়নো ক্ৰিকেটৰ তিনিওটা সংস্কৰণতেই ৩নম্বৰ স্থানটো বেটিং লাইন আপৰ মেৰুদণ্ড হিচাপে গণ্য কৰা হয়। এদিনীয়া আৰু t20ত ৩নং স্থানক লৈ ভাৰতৰ কোনো সমস্যা নাই যদিও কোহলিৰ বিদায়ৰ পিছৰে পৰা টেষ্টত ৩নং স্থানক লৈ ব্যাপক জল্পনা-কল্পনা চলি আহিছিল। ২০২৪ৰ পৰা টেষ্টত ৩নং স্থানৰ পৰা অহা নাছিল কোনো শতকীয় ইনিংছ। ২০২৪ত শুভমন গিলে বাংলাদেশৰ হৈ শেষবাৰৰ বাবে ৩নং স্থানত বেটিং কৰি সংগ্ৰহ কৰিছিল শতকীয় ইনিংছ। ইয়াৰ উপৰিও পূৰ্বৰ অধিনায়ক সৌৰভ গাংগুলীৰ পিছত কোনো ভাৰতীয় বাঁওহতীয়া বেটাৰৰ ৩নং স্থানৰ পৰা এয়া প্ৰথমটো শতকীয় ইনিংছ। বেটিঙত দেৱদত্ত পাডিক্কেলে যেনেকৈ আশাৰ সঞ্চাৰ কৰিছে ঠিক তেনেকৈ বেলিঙেৰেও মানৱ সুথৰে দেখুৱাইছে ভৱিষ্যত পৰিকল্পনাৰ সঠিক বাট। ৰবিচন্দ্ৰন অশ্বিনৰ প্ৰস্থানৰ পিছতে অশ্বিনৰ যোগ্য উত্তৰসূৰীৰ সন্ধানত আছিল টীম ইণ্ডিয়াৰ নিৰ্বাচক মণ্ডলীয়ে। মানৱ সুথাৰে এই পৰ্যন্ত দুখনকৈ টেষ্টত দেশক প্ৰতিনিধিত্ব কৰি সংগ্ৰহ কৰিছে ১৭টা উইকেট। ইয়াৰ ভিতৰত দুটাকৈ ৫টাকৈ উইকেট দখল কৰা স্পেলৰ লগতে এখন মেচত ১০টাকৈ উইকেট সংগ্ৰহ কৰা মাইলষ্টোনকো স্পৰ্শ কৰে মানৱে। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰৰ আৰম্ভণিতে সেয়ে মানৱ সুথাৰে নিজৰ প্ৰতিভাৰ প্ৰমাণ দিছে নিৰ্বাচক মণ্ডলীক। লগতে মানৱ সুথাৰৰ কেৰিয়াৰ যে দীঘলীয়া হব তাকো যেন ইংগিত দিছে শ্ল লেফ্টআৰ্ম অৰ্থডক্স স্পীনাৰজনে। প্ৰথম ইনিংছত ১৬৭ আৰু দ্বিতীয় ইনিংছত কৰা ৪৪ ৰানৰ বাবে পাডিক্কেলক দিয়া হয় প্লেয়াৰ অব দ্য মেচৰ সন্মান।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24bcciteam india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?
জীৱনশৈলী

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

September 30, 2026
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…
জীৱনশৈলী

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

September 30, 2026
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত
বিনোদন

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

September 30, 2026
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

September 30, 2026
Next Post
‘বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব’

'বাবাজী মোৰ যৌৱন আৰু বেডৰুমৰ দিবাস্বপ্নত নাথাকিব'

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

SBIৰ গ্ৰাহকৰ বাবে গুৰুত্বপূৰ্ণ খবৰ! ৪বাৰতকৈ অধিক ধন উলিয়ালে লাগিব অতিৰিক্ত মূল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.