আগন্তুক ২২ এপ্ৰিলত বুধে ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ ইয়াৰ ২ দিন পাছতেই ২৪ এপ্ৰিলত মঙ্গলে ৰেৱতী নক্ষত্ৰত প্ৰৱেশ কৰিব৷ অৰ্থাৎ ২৪ এপ্ৰিলৰ পৰা ৰেৱতী নক্ষত্ৰত যুঁটি গঠন কৰিব বুধ আৰু মঙ্গলে৷ জ্যোতিষ গণনা অনুসৰি মঙ্গল হৈছে সাহস, বীৰত্ব, যুদ্ধ আৰু ৰক্তপাতৰ গ্ৰহ৷ বুধ হৈছে জ্ঞান, বুদ্ধি, বচনভঙ্গী আৰু ব্যৱসায় বুদ্ধিৰ কাৰক গ্ৰহ৷ এই দুই গ্ৰহই এটাই আনটোৰ কাষলৈ অহাৰ ফলত বিশেষ প্ৰভাৱ পৰিব চাৰি ৰাশিৰ জাতকৰ ওপৰত৷ জানি থওক কোন কোন ৰাশিৰ জাতকে ৰেৱতী নক্ষত্ৰত বুধ আৰু মঙ্গল একত্ৰিত হোৱাৰ শুভ ফল পাব?
মেষ ৰাশি
মঙ্গল আৰু বুধৰ যুঁটিৰ ফলত মেষ ৰাশিত শক্তি আৰু বুদ্ধিৰ সঠিক ভাৰসাম্য ঘটিব৷ এই সময়ত আপোনাৰ সাহস কেইবাগুণো বৃদ্ধি পাব৷ ইয়াৰোপৰি মূৰ ঠাণ্ডা কৰি সিদ্ধান্ত লোৱাৰ ক্ষমতাও বিকশিত হব৷ নতুন ব্যৱসায়ৰ পৰিকল্পনাত সাফল্য লাভ কৰিব৷ ৰৈ থকা অৰ্থ পুনৰুদ্ধাৰ কৰিব পাৰিব৷ আপুনি শত্ৰুক পৰাজিত কৰিব পাৰিব৷
মিথুন ৰাশি
মিথুন ৰাশিৰ অধিপতি গ্ৰহ বুধ৷ মঙ্গল আৰু বুধৰ এই যুঁটিয়ে ভাল দিন কঢ়িয়াই আনিব মিথুন ৰাশিৰ জাতকৰ বাবে৷ আপোনাৰ কথাত প্ৰভাৱ বিস্তাৰ কৰাৰ ক্ষমতা বাঢ়িব৷ মাৰ্কেটিং আৰু মিডিয়াৰ সৈতে যুক্তসকলে বিশেষ লাভ পাব৷ উপাৰ্জনৰ নতুন পথ বিচাৰি পাব৷ বিনিয়োগৰ পৰা মুনাফা লাভ হব৷
বৃশ্চিক ৰাশি
মঙ্গল আৰু বুধৰ মিলন আশীৰ্বাদ হৈ আহিব বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত৷ এই সময়ত সমাজত আৰু কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বৃদ্ধি পাব৷ আপোনাৰ কামৰ ধৰণে সকলোকে মুগ্ধ কৰিব৷ নতুনকৈ মাটি বা ঘৰ ক্ৰয় কৰিব পাৰে৷ সংসাৰত সুখ আৰু শান্তি থাকিব৷
মীন ৰাশি
যিহেতু ৰেৱতী নক্ষত্ৰৰ ৰাশি হৈছে মীন সেয়ে ৰেৱতীত বুধ আৰু মঙ্গলৰ গোচৰ লাভজনক হব মীন ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত আপোনাৰ জীৱনত কিছু পজিটিভ পৰিবৰ্তন আহিব৷ বুদ্ধি আৰু আত্মবিশ্বাস বাঢ়িব এই ৰাশিৰ জাতকৰ৷ কঠিন সমস্যাৰো সমাধান কৰিব পাৰে৷ বিদেশ যাত্ৰাৰ যোগ আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















