আগন্তুক ২০ অক্টোবৰত পালিত হ’ব কালীপূজা৷ আৰু ঠিক তাৰ কেইটামান দিনৰ পাছতেই ২৭ অক্টোবৰত অৱস্থান সলনি কৰিব মঙ্গলে৷ ২৭ অক্টোবৰৰ দুপৰীয়া ২ বাজি ৪৪ মিনিটত স্বৰাশি বৃশ্চিকত প্ৰৱেশ কৰিব মঙ্গলে৷ নিজৰ ৰাশি বৃশ্চিকত আহি ৰুচক ৰাজযোগ গঠন কৰিব মঙ্গলে৷ ৰুচক ৰাজযোগৰ শুভ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হ’ব পাঁচ ৰাশিৰ জাতক৷ দীপাৱলিৰ পাছতেই প্ৰচুৰ আৰ্থিক লাভ হ’ব এওঁলোকৰ৷ জানি থওক মঙলৰ গোচৰৰ প্ৰভাৱত ভাগ্য খুলিব কোন কোন ৰাশিৰ?
মিথুন ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ
মিথুন ৰাশিৰ ষষ্ঠ ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত কোনো দুৰ্লভ দ্ৰব্য পাব পাৰে৷ ৰঙা গ্ৰহৰ প্ৰভাৱত সুখ আৰু সমৃদ্ধি লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ উল্লেখযোগ্যভাৱে আৰ্থিক লাভ হব পাৰে৷ সকলো দিশৰ পৰাই এই গোচৰ আপোনাৰ বাবে লাভজনক হব৷ সমাজত আপোনাৰ সন্মান বাঢ়িব৷
কন্যা ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ
কন্যা ৰাশিৰ তৃতীয় ঘৰত গোচৰ কৰিব মঙ্গলে৷ ইয়াৰ ফলত সকলো কামতেই সাফল্য লাভ কৰিব কন্যা ৰাশিৰ জাতকে৷ এই সময়ত আত্মবিশ্বাস তুংগত থাকিব৷ আত্মবিশ্বাসৰ জোৰতেই সকলো কামত সাফল্য লাভ কৰিব৷ নিজৰ শত্ৰুক পৰাজিত কৰিব পাৰিব৷ সমাজত আপোনাৰ প্ৰভাৱ আৰু প্ৰতিপত্তি বাঢ়িব৷
বৃশ্চিক ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ
বৃশ্চিক ৰাশিৰ প্ৰথম ঘৰত গোচৰ কৰিব মঙ্গলে৷ এই সময়ত বুদ্ধি খটুৱাই কাম কৰিলে আপুনি সকলো কামতেই সাফল্য পাব৷ ধৈৰ্য্য ধৰি গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওক৷ কোনো বিষয়ত খৰধৰ নকৰিব৷ স্বাস্থ্য ভালে থাকিব৷ মঙ্গলৰ ওপৰিও বৃহস্পতিৰ শুভ প্ৰভাৱ পাব৷
মকৰ ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ
মঙ্গলৰ গোচৰৰ প্ৰভাৱত মকৰ ৰাশিৰ জাতকৰ জীৱনত উল্লেখযোগ্য লাভ হব৷ এই সময়ত আপোনাৰ উপাৰ্জন বাঢ়িব বহুতেই৷ সৎ ভাৱে সকলো কাম কৰক৷ ব্যৱসায়ীয়ে ডাঙৰ আৰ্থিক লাভ কৰিব পাৰিব৷ কেৰিয়াৰতো উন্নতি কৰাৰ সুযোগ পাব৷ ভায়েক ভনীয়েক আৰু বন্ধুৰ পৰা জৰুৰী সহায় পাব পাৰে৷
মীন ৰাশিত মঙ্গলৰ গোচৰৰ প্ৰভাৱ
মীন ৰাশিৰ জাতকৰ সৌভাগ্য বৃদ্ধি কৰিব মঙ্গলে৷ মঙ্গলৰ ওপৰিও বৃহস্পতিৰ অৱস্থানো এই এই সময়ত আপোনাৰ বাবে লাভজনক হব৷ বুদ্ধি খটুৱাই কাম কৰিলে সফলতা পাব৷ কৰ্মক্ষেত্ৰত উন্নতি কৰাৰ সুযোগ পাব৷ যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ কোনো ধৰণৰ খেলিমেলিত সোমাই নপৰাটোৱেই মঙ্গল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















