বয়স ৩৫ বছৰ পাৰ হৈ গলে মহিলাসকলে সন্তান জন্ম দিয়াৰ ক্ষমতা হেৰুৱাই বুলি বহুতেই দাবী কৰে৷ কাৰণ সমাজত ধাৰণা কৰা হয় যে জন্মদাত্ৰী এগৰাকী নাৰী প্ৰজননগত দিশৰ পৰা সকলোতকৈ বেছি উৰ্বৰ হৈ থাকে ৩৫ বছৰ পৰ্যন্ত৷ তাৰ পাছতেই ধীৰে ধীৰে তেওঁলোকৰ সন্তান জন্ম দিয়াৰ ক্ষমতা কমিবলৈ ধৰে৷ কাৰণ তেওঁলোকৰ ডিম্বানুৰ নিষিক্ত হোৱাৰ ক্ষমতা কমিবলৈ ধৰে৷ শেহতীয়াই এক গৱেষণাই এই বিষয়টো ভুল বুলি প্ৰমাণ দাঙি ধৰিছে৷
নতুন সেই গৱেষণাই কৈছে, মহিলাসকলৰ প্ৰজননৰ বয়স যিমান দিন থাকে অৰ্থাৎ যিমানদিন ঋতুস্ৰাৱ হৈ থাকে সিমান দিন পৰ্যন্ত ডিম্বানুও ভালে থাকে৷ বৰং পুৰুষৰ শুক্ৰাণুৰ অৱনতি বয়সৰ সৈতে হ’বলৈ ধৰে৷ আৰু এই বয়স বৃদ্ধি ৬০ বছৰৰ পাছত নহয়৷ আগৰে পৰাই হ’ব ধৰে৷ প্ৰৌঢ়ত্ব অহাৰ পূৰ্বৰে পৰাই প্ৰজনন ক্ষমতাৰ অৱনতি হ’বলৈ আৰম্ভ হয় পুৰুষৰ৷ কমি আহি থাকে শুক্ৰাণুৰ গুণগত মান৷ যাৰ বাবে সন্তানৰ অটিজমৰ দৰে সমস্যাও হব পাৰে৷
গৱেষণাৰ কাম চলিত বছৰতেই শেষ কৰিছে পেনে ষ্টেট বিশ্ববিদ্যালয়ে৷ তেওঁলোকৰ গৱেষণাপত্ৰত প্ৰকাশিত হৈছে যে ২০২৫ চনৰ চায়েন্স এডভান্সেছ নামৰ মেডিকেল জাৰ্নেলতো৷ গৱেষকে জনাইছে যে তেওঁলোকে ২২ বছৰ বয়সীয়া মহিলাৰ পৰা আৰম্ভ কৰি ৪০ৰ ভিতৰৰ মহিলাৰ শৰীৰৰ পৰা ডিম্বানু সংগ্ৰহ কৰি তাৰ বিশ্লেষণ কৰিছে৷ পৰীক্ষাত দেখা গৈছে যে ৩৫ বছৰৰ পাছতো মহিলাৰ ডিম্বানুৰ অৱনতি হোৱা নাই৷ আনকি বয়সৰ প্ৰভাৱো পৰা নাই ৪০ বছৰৰ ভিতৰত মহিলাৰ শৰীৰৰ পৰা লোৱা ডিম্বানুত৷
বিষয়টো ভালকৈ বুজাৰ বাবে বিজ্ঞানীয়ে যি পৰীক্ষা কৰিছিল সেয়া হৈছে মাইটোকনড্ৰিয়েল ডি এন এ মিউটেছনৰ পৰীক্ষা৷ বয়স বাঢ়িলে তাৰ প্ৰভাৱ পৰে এই মাইটোকনড্ৰিয়েল ডিএনএ মিউটেছনত৷ যিমানেই বয়স বাঢ়ে সিমানেই মিউটেছনৰ মাত্ৰাও বাঢ়ে৷ যৰ পৰা কোষসমূহে আৰু কাম কৰিব নোৱৰা হয়৷ ২২ বছৰৰ পৰা ৪০ বছৰৰ ভিতৰৰ মহিলাৰ শৰীৰৰ অন্যান্য অংশত যিমানে তেজত লালাৰস মিউটেছন বাঢ়িলেও ডিম্বানুত তাৰ কোনো প্ৰভাৱ পৰা নাই৷ সেইয়া দেখি বিস্মিত হৈছে গৱেষকো৷ তেওঁলোকে পূৰ্বতে ভাৱিছিল যে, বয়সৰ সৈতে মহিলাসকলৰ ডিম্বানুত মিউটেছন বেছি হয়৷ কিন্তু তেনে কোনো পৰিঘটনা তেওঁলোকে পৰীক্ষাত লাভ নকৰিলে৷
অন্যহাতে পুৰুষৰ ক্ষেত্ৰত দেখা গৈছে ইয়াৰ ওলোটা ফল৷ পেন ষ্টেট বিশ্ববিদ্যালয়ৰ সেই গৱেষণাত কোৱা হৈছে যে পুৰুষৰ বয়স বাঢ়িলে হ’বলগীয়া সন্তানৰ স্নায়বিক সমস্যা হ’ব পাৰে৷ আনকি এই ক্ষেত্ৰত গৰ্ভপাতৰ আশংকাও থাকে৷ ইয়াৰোপৰি ৰিও ডি জেনেইৰোৰ কক্সিয়াছ ডো ছুল বিশ্ববিদ্যালয়ৰ এক গৱেষণাত উল্লেখো কৰিছে পেন ষ্টেট বিশ্ববিদ্যালয়ৰ গৱেষকে৷ সেই গৱেষণাত পোৱা গৈছে যে পুৰুষৰ ৪০-৪৫ বছৰৰ সীমা পাৰ হোৱাৰ পাছতেই তেওঁলোকৰ শুক্ৰানুৰ মান বেয়া হ’বলৈ আৰম্ভ কৰে৷
সেই গৱেষণাত কৈছে ২৫-৩৫ বছৰ বয়স পৰ্যন্ত পুৰুষৰ জন্ম দিয়াৰ ক্ষমতা সকলোতকৈ বেছি থাকে৷ তাৰপাছতেই ধীৰে ধীৰে কমিবলৈ আৰম্ভ কৰে৷ ৪৫ বছৰ বয়সীয়া পুৰুষৰ সন্তানৰ জন্ম দিবলৈ পাঁচ গুণ বেছি সময় লাগিব পাৰে৷ অৰ্থাৎ গৱেষণালব্ধ তথ্য মানিলে ৩৫ বছৰৰ পাছত মহিলাই নহয় পুৰুষৰো ধীৰে ধীৰে প্ৰজনন ক্ষমতা হেৰুৱাবলৈ আৰম্ভ হয়৷ কিন্তু সমাজত ইয়াৰ ওলোটা ধাৰণাই আজিও প্ৰচলিত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















