ভগৱান বিষ্ণুৰ প্ৰিয় মাহ কাতি মাহ৷ এই পবিত্ৰ মাহত কিছু ৰাশিৰ জাতক জাতিকাৰ জীৱনত অত্যন্ত শুভ সময় আহিব৷ সনাতৰ ধৰ্মত কাতি মাহক ধৰ্মীয় দৃষ্টিকোণৰ পৰা খুবেই গুৰুত্বপূৰ্ণ আৰু পবিত্ৰ বুলি ধাৰণা কৰা হয়৷ এই মাহত গংগাস্নান, প্ৰদীপ জ্বলোৱা আৰু তুলসী পূজাৰ বিশেষ মাহাত্ম্য আছে৷ ধাৰণা কৰা হয়, এই সময়ত বিষ্ণুৰ আৰাধনা কৰিলে সকলো মনোবাসনা পূৰ্ণ হয় আৰু কৰ্মক্ষেত্ৰত সাফল্য আহে৷
কোন কোন ৰাশিৰ কপাল ফুলিব?
মেষ ৰাশি
এই মাহত পৰিয়ালত সুখ শান্তি বৰ্তি থাকিব আৰু বন্ধুৰ সহযোগিতা পাব৷ ৰৈ থকা কামসমূহ সম্পূৰ্ণ হ’ব৷ ব্যৱসায়ত সফলতা অহাৰ সম্ভাৱনা আছে৷ একাধিক আৰ্থিক লাভৰো সম্ভাৱনা আছে৷ বিষ্ণুদেৱৰ কৃপাত উন্নতিৰ নতুন পথ খুলিব পাৰে৷
সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক জাতিকাৰ বাবে এই মাহ খুবেই শুভ৷ নতুন কামত হাত দিলে সাফল্য পাব৷ প্ৰেম জীৱন উন্নত৷ বহু দিনৰ ৰৈ থকা কাম শেষ হব৷ ঘৰত শান্তি বিৰাজ কৰিব আৰু অপ্ৰত্যাশিত মুনাফা লাভ কৰিব পাৰে৷ আত্মবিশ্বাস আৰু নেতৃত্বৰ ক্ষমতা বৃদ্ধি পাব৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতকৰ বাবে এই মাহ ফলদায়ী প্ৰমাণিত হব পাৰে৷ আপোনাৰ ওপৰত ভগৱান বিষ্ণুৰ বিশেষ কৃপা বৰ্তি থাকিব৷ যিসকলে চাকৰিৰ সন্ধান কৰিছে তেওঁলোকে নতুন চাকৰিৰ সুযোগ পাব পাৰে৷ কৰ্মক্ষেত্ৰত পিতৃ-মাতৃৰ সহযোগিতা পাব আৰু আপোনাৰ সমস্ত বাধা দূৰ হ’ব৷
ধনু ৰাশি
ধনু ৰাশিৰ বাবে কাতি মাহ নতুন আশাৰ সঞ্চাৰ কৰিব৷ সমগ্ৰ বছৰ ধৰি কৰা পৰিশ্ৰমৰ ফল এই মাহত পাব পাৰে৷ প্ৰেমিক বা জীৱনসংগীৰ সৈতে ভাল সময় কটোৱাৰ সুযোগ পাব৷ যি কাম আধাতে ৰৈ আছিল সেয়া সফলভাৱে সম্পন্ন হ’ব৷ বিষ্ণুৰ উপাসনাত বিশেষ ফল লাভ কৰিব পাৰে৷
কুম্ভ ৰাশি
কুম্ভ ৰাশিৰ জাতক জাতিকাৰ বাবে কাতি মাহ খুবেই ভাল হ’ব৷ এই মাহত পৰিশ্ৰমৰ ফল পাবলৈ আৰম্ভ কৰিব৷ ব্যৱসায়ীয়ে ভালকৈ ডিল কৰিলে আমদানি বাঢ়িব৷ নতুন বাহন বা ঘৰ ক্ৰয়ৰ সুযোগ আহিব পাৰে৷ আধ্যাত্মিকতাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ স্বাস্থ্যৰ দিশৰ পৰাও এই সময় অনুকূল থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















