অসম লাইভ২৪ঃ ৩০জানুৱাৰী ২০২৪ মঙলবাৰে বুধৰ ৰাশিয়ে কন্যাত অৱস্থান কৰিব চন্দ্ৰই। পঞ্জিকা অনুসৰি মঙ্গলবাৰে মাঘ মাহৰ কৃষ্ণপক্ষৰ চতুৰ্থী। মঙ্গল আৰু বৃহস্পতি পৰস্পৰৰ ৰাশিত অৱস্থান পৰস্পৰৰ ৰাশিত অৱস্থান কৰিব। শুভ যোগসমূহ হৈছে সুকৰ্ম যোগ আৰু লক্ষ্মী নাৰায়ণ যোগ। ইয়াৰোপৰি মঙ্গলবাৰে থাকিব উত্তৰ ফাল্গুনী নক্ষত্ৰ। ইমানসমূহ শুভ যোগৰ ওপৰিও মঙলবাৰে বজৰংবলীৰ আশীৰ্বাদ থাকিব কেইবাটাও ৰাশিৰ ওপৰত। হিন্দুধৰ্ম অনুসৰি মঙ্গলবাৰ হৈছে হনুমানৰ দিন। এই দিনত ৰামভক্ত হনুমানক নানান ভাৱে প্ৰসন্ন কৰিবলৈ ভক্তই চেষ্টা কৰে। জ্যোতিষ গণনা অনুসৰি গুৰু-মঙ্গল পৰিবৰ্তন যোগৰ প্ৰভাৱ আৰু বজৰংবলীৰ আশীৰ্বাদত ভাগ্যোদয় হ’ব ৫ৰাশিৰ জাতকৰ। এই ৫ৰাশিৰ জাতকে বহু সফলতাৰ মুখ দেখিব। কোন কোন ৰাশিৰ জাতকৰ জীৱনলৈ সৌভাগ্য আহিব জানি থওক সবিশেষ।
মেষ ৰাশি
সুকৰ্ম যোগত নিজৰ সকলো শত্ৰুক পৰাজিত কৰিব পাৰিব মেষ ৰাশিৰ জাতকে। নিজৰ দক্ষতা আৰু ভাল ব্যৱহাৰেৰে পৰিয়াল আৰু কৰ্মক্ষেত্ৰত সকলোৰে মন জয় কৰিব পাৰিব। মেষ ৰাশিৰ ছাত্ৰ-ছাত্ৰীসকলে কাইলৈ নতুন কোনো জ্ঞান লাভ কৰিব পাৰে। পৰীক্ষাতো ভাল ফল লাভৰ যোগ আছে। মঙ্গলবাৰে জীৱনত ভাল কোনো অভিজ্ঞতাৰ সন্মুখীন হ’ব পাৰে।
সিংহ ৰাশি
জানুৱাৰী মাহৰ ৩০তাৰিখে আৰ্থিক পৰিস্থিতিলৈ উন্নতি আহিব সিংহ ৰাশিৰ জাতকৰ। আপুনি নিজৰ সম্পদ আৰু বৃদ্ধি কৰিব পাৰিব। ব্যৱসায়ত নতুন কোনো প্ৰকল্প আৰম্ভ কৰাৰ বাবে কোনো নতুন আইডিয়া আপোনাৰ মূৰলৈ আহিব পাৰে। এই আইডিয়া আপোনাৰ বাবে লাভজনক প্ৰমাণিত হ’ব। সামাজিক কামৰ সৈতে যুক্ত হৈ থকাসকলৰ জনপ্ৰিয়তা বৃদ্ধি পাব।
তুলা ৰাশি
কাইলৈ সুকৰ্ম যোগত সম্পত্তি লাভ কৰিব তুলা ৰাশিৰ জাতকে। আপোনাৰ পিতৃ-মাতৃও আৰ্থিকভাৱে লাভৱান হ’ব। স্বাস্থ্য পূৰ্বতকৈ উন্নত। কৰ্মক্ষেত্ৰত তুলা ৰাশিৰ জাতকৰ বাবে অনুকূল পৰিবেশ থাকিব।
বৃশ্চিক ৰাশি
৩০ জানুৱাৰী মঙ্গলবাৰে সকলো কামতেই প্ৰচুৰ উৎসাহ বোধ কৰিব বৃশ্চিক ৰাশিৰ জাতকে। প্ৰচুৰ এনাৰ্জিৰে কাম কৰিব। নতুন কোনো কামত সফলতা লাভ কৰিব। ভায়েক ভনীয়েকৰ পৰা বিশেষ উপহাৰ লাভ কৰিব পাৰে। সমাজত আপোনাৰ খ্যাতি, সন্মান, জনপ্ৰিয়তা বৃদ্ধি পাব।
কুম্ভ ৰাশি
দীৰ্ঘদিন ধৰি কোনো আইনী জটিলতাত সোমাই থাকিলে সেই কামত সফলতা লাভ কৰিব। মনত শান্তি থাকিব। সন্তানৰ পৰাও সু-সংবাদ লাভ কৰিব কুম্ভ ৰাশিৰ জাতকে। আৰ্থিকভাৱে লাভৱান হোৱাৰো যোগ আছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















