দিল্লীৰ আশ্ৰম অঞ্চলত মণিপুৰৰ এজন ৫৪ বছৰীয়া অৱসৰপ্ৰাপ্ত সংগীতজ্ঞৰ ঘৰৰ বাহিৰত এদল লোকে প্ৰহাৰ কৰাৰ ফলত চিকিৎসাধীন অৱস্থাত মৃত্যু হয়। দিল্লী আৰক্ষীৰ তথ্য অনুসৰি সোমবাৰে পুৱা কিলোকৰি অঞ্চলত চংথাম বিক্ৰম সিঙে নিজৰ ঘৰৰ বাহিৰত চিঞৰ-বাখৰ কৰি অশান্তিৰ সৃষ্টি কৰাত আপত্তি প্ৰকাশ কৰিছিল। তেওঁক ৰাইজে প্ৰহাৰ কৰাৰ অভিযোগ। গুৰুতৰভাৱে আহত চংথামক স্থানীয় চিকিৎসালয়লৈ লৈ যোৱা হয়। পিছত তাত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
আৰক্ষীয়ে জনোৱা মতে, অভিযুক্তৰ ভিতৰত আছে ডেলিভাৰী কৰ্মী আৰু ধাবাৰ শ্ৰমিক। এই ঘটনাত ৭ জন লোকক আটক কৰাৰ লগতে এজন নাবালককো আটক কৰা হৈছে।
৭ জন গ্ৰেপ্তাৰ, নাবালক আটক
প্ৰাৰম্ভিক তদন্তত প্ৰকাশ পাইছে যে মেইটেই সম্প্ৰদায়ৰ সদস্য চংন্থাম বিক্ৰম সিঙে ঘৰৰ বাহিৰত এদল লোকে তেওঁক হাৰাশাস্তি কৰাত আপত্তি কৰিছিল। আৰক্ষীয়ে জনোৱা মতে, তাৰ পিছত তেওঁক প্ৰহাৰ কৰা হয়, যাৰ ফলত তেওঁ গুৰুতৰভাৱে আহত হয়। চোনথামৰ পুত্ৰ য়াইফাবাই তেওঁক ততাতৈয়াকৈ হলি ফেমিলি হস্পিতাললৈ লৈ যায়। তাত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















