অসম লাইভ২৪ঃ নিজৰ ঘৰ জ্বলি থকাৰ পিছতো দুই মণিপুৰৰ বিজ্ঞানীয়ে দিনে নিশাই কষ্ট কৰি দেশলৈ আনিলে সফলতা। বৰ্তমান দেশজুৰি চৰ্চা লাভ কৰিছে মণিপুৰৰ দুই বিজ্ঞানীয়ে। দুই মেইটেই সম্প্ৰদায়ৰ বৈজ্ঞানিকৰ পাৰদৰ্শিতা৷ অগ্নিত জাহ গৈ থকা মণিপুৰৰ বিজ্ঞানী ব্যস্ত নিজৰ কৰ্তব্যত৷
চন্দ্ৰৰ দক্ষিণ মেৰুত চন্দ্ৰযান-৩ৰ ঐতিহাসিক অৱতৰণৰ এক গৌৰৱৰ মুহূৰ্তত সাক্ষী হয়। সমগ্ৰ দেশৰ এই আনন্দ উদযাপনৰ মাজতে মণিপুৰেও ইছৰোৰ চন্দ্ৰযান-৩ মিছনৰ সৈতে জড়িত হৈ থকা দুজন মেইটেই সম্প্ৰদায়ৰ বিজ্ঞানীৰ সফলতাক লৈ গৌৰৱ অনুভৱ কৰিছে। যি আনন্দ আৰু আহ্লাদিত হাঁহি সেই সুখৰ সমভাগী মণিপুৰৰ লগতে সমগ্ৰ দেশবাসী হৈ পৰিল কালিৰ দিনটোত। কিন্তু মণিপুৰৰ দুজন বিজ্ঞানী। যিয়ে নিজ ৰাজ্য জ্বলি ছাঁই হৈ গৈছে, নিজ ভাতৃ ভগ্নীক হেৰুৱাইছে সেই ৰাজ্যৰ দুজন বিজ্ঞানীয়ে কঠোৰ পৰিশ্ৰম কৰি নিজ কৰ্তব্য সম্পাদনেৰে গৌৰৱ কঢ়িয়াই আনিলে দেশলৈ। সেই দুই মেইটেই সম্প্ৰদায় যুৱক হ’ল
নোয়েল মাথিউলুংবো চাৱাং আৰু ড০ ৰঘু সিং৷ বিষ্ণুপুৰ জিলাৰ থাঙ্গাৰ ড০ ৰঘু সিং হৈছে ইছৰোৰ বিজ্ঞানীসকলৰ ভিতৰত এজন যিয়ে চন্দ্ৰযান-৩ বৃহৎ সফলতাৰ আঁৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা দেখা যায়। উল্লেখ্য যে ড০ ৰঘু সিং আইআইএছচি বাংগালোৰ, আইআইটি-গুৱাহাটী আৰু ইম্ফলৰ ডিএম বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ। এই দুগৰাকী মণিপুৰৰ সন্তানৰ সফলতাত বৰ্তমান উৎফুল্লিত হৈছে মণিপুৰবাসী। যদিওবা মণিপুৰৰ খবৰে সমগ্র দেশৰ লগতে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল। তথাপি যেন মণিপুৰৰ এই দুই মেধা ছাত্ৰই নিজৰ কৰ্তব্য পালন কৰাত পিছুৱাই অহা নাছিল। বৰঞ্চ চন্দ্ৰ যান ৩ ৰ বাবে isro ৰ আন আন বিজ্ঞানীৰ দৰেই সমানেই অপৰিসীম কষ্ট কৰি বিশ্বৰ বুকুত ভাৰতৰ নাম উজলাবলৈ সক্ষম হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ