দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ, ভাৰত চৰকাৰৰ বহু গুৰুত্বপূৰ্ণ পদৰ দায়িত্ব এক সময়ত অনায়াসে সামৰিছিল তেওঁ৷ তেওঁৰ এই যাত্ৰাত সৰ্বক্ষণ তেওঁৰ ছাঁ হৈ ৰৈছিল এগৰাকী মহিলা৷ তেওঁ আন কোনো নহয়৷ তেওঁ মনমোহন সিঙৰ পত্নী গুৰচৰণ কৌৰ৷ ইতিহাস বিভাগৰ অধ্যাপিকা, লেখিকা আৰু এগৰাকী বিশিষ্ট কীৰ্তন শিল্পী ৷ বৃহস্পতিবাৰে শেষ নিশ্বাস ত্যাগ কৰা মনমোহন সিঙৰ আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন হৈছে৷ মনমোহন সিঙৰ অনুপস্থিতিত ভাগি পৰিলেও স্থিতপ্ৰজ্ঞ হৈ থিয় দি আছে গুৰচৰণ কৌৰ৷ সামৰি লৈছে তেওঁ তিনি সন্তানক৷
কেনে আছিল মনমোহন আৰু গুৰচৰণৰ পৰিচয়ৰ প্ৰথম দিনবোৰ? কেনেকৈ ইমান বছৰ একেলগে দুয়োৱে পাৰ কৰিলে সাংসৰিক জীৱন? স্বল্পভাষী মনমোহন সিঙক প্ৰতি সময়তে সংগ দিয়া গুৰচৰণ আছিল মনমোহন সিঙৰ অতিকৈ প্ৰিয় নাৰী৷ প্ৰেমত পৰিয়েই বিয়া কৰাইছিল গুৰচৰণক৷ সময় তেতিয়া ১৯৫৭ চন৷ বিদেশত পঢ়াশুনা সামৰি দেশলৈ উভতিছিল মনমোহন সিং৷ পৰিয়ালে তেওঁৰ বিবাহৰ কথা তেতিয়া চিন্তাও কৰিছিল৷
মনমোহন সিঙে যেতিয়া গম পায় যে তেওঁৰ পৰিয়ালে তেওঁৰ বিবাহৰ বাবে খা খবৰ কৰি আছে তেতিয়াই তেওঁ পৰিয়ালক জনাই দিয়ে যে তেওঁ শিক্ষিত যুৱতীকহে জীৱন সংগী কৰিব৷ মনমোহৰ সিঙে এই কথা পৰিয়ালক স্পষ্টকৈ জনোৱাৰ কাৰণ আছিল, তেওঁৰ পৰিয়ালে এগৰাকী কম পঢ়াশুনা কৰা যুৱতী, ঘৰ সম্ভালিব পৰা নাৰীৰ সন্ধান কৰিবলৈ আৰম্ভ কৰিছিল মনমোহন সিঙৰ বাবে৷ বিবাহৰ কথাবোৰ চলি থকাৰ মাজতেই গুৰচৰণৰ ককায়েকে নিজৰ সৰু ভনীয়েকৰ কথা মনমোহন সিঙৰ আগত কয়৷
গুৰচৰণে তেতিয়া কীৰ্তন গাই ফুৰে৷ এদিন মনমোহন সিঙ আৰু গুৰচৰণৰ দেখাদেখি হয়৷ প্রথম সাক্ষাতৰ দিনা গুৰচৰণে পৰিধান কৰি আহিছিল এগৰাকী বগা চেলোৱাৰ৷ প্ৰথম দেখাতেই মন গলি গৈছিল মনমোহন সিঙৰ৷ ইয়াৰ পাছত এক অনুষ্ঠানত তেওঁৰ কীৰ্তন শুনিবলৈকো গৈছিল মনমোহন সিঙ৷ তেতিয়াই কিছু কথা বাৰ্তা হয় দুয়োৰে মাজত৷ তেতিয়াই মনমোহন সিঙে জানিব পাৰে যে তেওঁ ইতিহাস বিভাগত স্নাতকোত্তৰ৷ ধীৰে ধীৰে দুয়ো বেছিকৈ লগ হ’বলৈ ধৰে৷
গুৰচৰণ কৌৰে পাছত এক সাক্ষাৎকাৰত কৈছিল, ‘এটা সুন্দৰ পুৱা মনমোহন সিঙে মোক তেওঁৰ কাষলৈ মাতিছিল৷ সেইদিনাই বুজিছিলো তেওঁৰ মনৰ কথা৷ মনৰ কথাবোৰ আমাৰ এজনৰ পৰা আনজনৰ অন্তৰলৈ বাগৰিছিল৷ তাৰপিছতেই ১৯৫৮ চনত আমি বিবাহপাশত আৱদ্ধ হওঁ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ