বুমৰাহৰ নতুন ইতিহাস, টেষ্টত ভাৰতৰ সৰ্বাধিক তথা দ্ৰুততম উইকেট দখলকাৰী বলাৰ
আজি ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হোৱা এম চি জি টেষ্ট মেচৰ চতুৰ্থ দিন। এই খেলখনত অষ্ট্ৰেলিয়াৰ দলটোৱে প্ৰথম ইনিংছত ৪৭৪ ৰান সংগ্ৰহ কৰে। ষ্টিভ স্মিথে অপৰাজিত ১৪০ ৰানৰ অৰিহণা যোগায়। ইয়াৰ প্ৰত্যোত্তৰত ভাৰতীয় দলটোৱে প্ৰথম ইনিংছত ৩৬৯ ৰান সংগ্ৰহ কৰে। যাৰ ফলত প্ৰথম ইনিংছৰ ভিত্তিত অষ্ট্ৰেলিয়াই ১০৫ ৰানৰ অগ্ৰগতি লাভ কৰে। ভাৰতৰ হৈ প্ৰথম ইনিংছত নিতীশ ৰেড্ডীয়ে সৰ্বাধিক ১১৪ ৰান সংগ্ৰহ কৰে।
দ্বিতীয় ইনিংছ আৰম্ভ হোৱাৰ লগে লগে বেগী বলাৰ যশপ্ৰীত বুমৰাহে বলেৰে ত্ৰাস চলায় বিৰোধী দলত। বুমৰাহে অষ্ট্ৰেলিয়াক এটাৰ পিছত এটাকৈ শ্বক দিয়ে। যাৰ ফলত অষ্ট্ৰেলিয়াই দ্বিতীয় ইনিংছত মাথো ৯১ ৰানতে ৬টা উইকেট হেৰুৱাব লগা হয়।
এই ৬টা উইকেটৰ ভিতৰত ৪টা উইকেট দখল কৰে বুমৰাহে। লগতে এই ৪ টা উইকেট দখল কৰি এক ইতিহাসো ৰচে ভাৰতীয় বলাৰগৰাকীয়ে। টেষ্ট ক্ৰিকেটত বুমৰাহে ২০০ উইকেট সম্পূৰ্ণ কৰে।
বৰ্তমানে ২০০টা টেষ্ট উইকেট দখল কৰা দ্ৰুততম ভাৰতীয় বলাৰ হিচাপে পৰিগণিত হৈছে বুমৰাহ। ৯৮৯৬টা বল দি ২০০টা টেষ্ট উইকেট দখল কৰা ভাৰতৰে আনএগৰাকী খেলুৱৈ মহম্মদ ছামীক বুমৰাহে অতিক্ৰম কৰে। সামগ্ৰিকভাৱে এই বিষয়ত চতুৰ্থ স্থানত আছে জস্প্ৰিত বুমৰাহ। বুমৰাহে মাথো ৮৪৮৪টা বল দিলে টেষ্টৰ ২০০টা উইকেট দখল কৰিছে। এই ক্ষেত্ৰত বুমৰাহতকৈ আগবাঢ়ি আছে ৱাকাৰ ইউনিছ (পাকিস্তান), ডেল ষ্টেইন (দক্ষিণ আফ্ৰিকা) আৰু কাগিছ’ ৰাবাডা (দক্ষিণ আফ্ৰিকা)।
দ্ৰুততম ২০০ টেষ্ট উইকেট দখল কৰা তালিকা-
৭৭২৫টা বলত ৱাকাৰ ইউনিছ
৭৮৪৮ টা বলত ডেল ষ্টেইন
৮১৫৩ টা কাগিছ’ ৰাবাদা
৮৪৮৪ টা বলত জছপ্ৰিত বুমৰাহ
৯৮৯৬ টা বলত মহম্মদ ছামী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ