কেঞ্চাৰক পৰাজিত কৰি কেমো লৈ থকাৰ মাজতে ২০ বছৰীয়া মাধুৰিমাই দিলে NEET, এতিয়া হ’ব চিকিৎসক
বহু কাহিনীয়ে বহু সময়তে বহু লোকক অনুপ্ৰাণিত কৰে। তাৰে মাজতে এনে কিছু কাহিনী আছে যিয়ে সাহস দিয়াই নহয় সকলো ফালৰে পৰা অনুপ্ৰাণিত কৰে লোকক। তেনেই এক কাহিনী মাধুৰিমাৰ।
২০ বছৰীয়া মাধুৰিমাই কেঞ্চাৰ পৰাজিত কৰি এতিয়া নিজেই চিকিৎসক হোৱাৰ দিশে। মাধুৰিমা দত্তই এই কাহিনীয়ে শিকাই যে, পৰিস্থিতি যিয়েই নহওক মনোবল আৰু ইচ্চা থাকিলে সকলো কামেই সম্ভৱ হৈ উঠে।
ত্ৰিপুৰা নিবাসী মাধুৰিমাৰ মাথো ১২ বছৰ বয়সতেই ২০১৬ চনত কেঞ্চাৰ ধৰা পৰে। মুম্বাইৰ টাটা মেমোৰিয়েলত চিকিৎসা চলে মাধুৰিমাৰ। বাৰে বাৰে চিকিৎসা কৰাৰ পাছতো ৬ মাহৰ মূৰে মূৰে পুনৰ উভতি আহে কেঞ্চাৰ। তৃতীয় পৰ্যায়লৈ গৈ পায় এই বেমাৰ।
যাৰ ফলত হাইডোজ কেমো থেৰাপীৰ লগতে বোন মেৰুও সলনি কৰা হয় মাধুৰিমাৰ। কেইবামাহ ধৰি থাকিব লগা হয় আই চি ইউত। জীয়াই থকাৰ আশাই একেবাৰে ক্ষীণ হৈ পৰিছিল মাধুৰিমাৰ বাবে।
কিন্তু এই সকলোবোৰৰ মাজতো ভালে থকা সময়ত পঢ়ি গৈছিল মাধুৰিমাই। তেনেদৰেই অনলাইন যোগেই ১০ম আৰু ১২ ৰ পৰীক্ষা দি ৯৬ শতাংশৰে উত্তীৰ্ণ হয়। শিক্ষাৰ ফলাফলেৰে সুখী হৈ পৰে মাধুৰিমাৰ লগতে পিতৃ-মাতৃ-জ্যেষ্ঠ ভগ্নী। কিন্তু স্বাস্থ্যই চিন্তাই খাই মাৰে সকলোকে।
নিজৰ স্বাস্থ্যৰ অৱস্থা দেখি মাধুৰিমাৰো সপোন চিকিৎসক হোৱাৰ। সেয়ে সকলো মানসিক -শাৰীৰিক সমস্যা দূৰত ৰাখি NEET ৰ প্ৰস্তুতি কৰি পৰীক্ষা দিয়ে আৰু প্ৰথম প্ৰয়াসতে সৰ্বভাৰতীয় পৰ্যায়ত ২৭৯,০৬৬ সংখ্যাক স্থান আৰু ৰাজ্য ভিত্তিত ২৯৫ স্থান দখল কৰে। এতিয়া চিকিৎসক হোৱাৰ বাবে নিজকে সাজু কৰিব মাধুৰিমাই।
উল্লেখ্য যে, মাধুৰিমাৰ জ্যেষ্ঠ ভগ্নী হৃদুৰিমাই মাধুৰিমাৰ অৱস্থা দেখি চিকিৎসক হোৱাৰ সপোন দেখিছিল। NEET পৰীক্ষাত দেশৰ ভিতৰত ১২৭৪ স্থান লৈ বৰ্তমানে দিল্লীৰ ডাক্তৰ বাবা সাহেব আম্বেদকাৰ মেডিকেল কলেজত অন্তিম বৰ্ষত। হৃদুৰিমাৰ পৰাই অনুপ্ৰাণিত হৈছিল মাধুৰিমাও।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ