মুহুৰ্ততে প্ৰাণবায়ু গ’ল ১৭৯ গৰাকীৰ, সৌভাগ্যক্ৰমে ৰক্ষা পৰে ২ গৰাকী
বছৰৰ শেষৰটো দেওবাৰে সমগ্ৰ বিশ্ব কঁপাই যোৱা খবৰ আহে। মুহুৰ্ততে প্ৰাণবায়ু উৰি যায় ১৭৯ গৰাকীকৈ লোকৰ। সৌভাগ্যক্ৰমে প্ৰাণ ৰক্ষা পৰে দুগৰাকী লোকৰ । এক বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱাই এইদৰে বহু কেইগৰাকী লোকে।
দক্ষিণ কোৰিয়াত সংঘটিত হৈছে এই ঘটনা। যাত্ৰাৰ সময়ত বিমান খনৰ যাত্ৰী আৰু বিমানৰ লোক সহ মুঠ ১৮১ গৰাকী লোক আছিল। যাৰ ভিতৰত মাথো দুগৰাকী লোকৰ হে প্ৰাণ ৰক্ষা পৰে। তাৰ বাহিৰে অন্য ১৭৯ গৰাকী লোকেই প্ৰাণ হেৰুৱাবলগীয়া হয়।
১৮১ গৰাকী লোকৰ ভিতৰত ১৭৫ গৰাকী যাত্ৰী আৰু ৬ গৰাকী ক্ৰু মেম্বাৰ আছিল। এই দুৰ্ঘটনা দক্ষিণ কোৰিয়াৰ জেজু এয়াৰৰ এই বিমান খন বেংককৰ পৰা আহি আছিল।
কিন্তু অন্তিম মুহুৰ্তত বিমান বন্দৰত অৱতৰণৰ সময়তে মুৱান বিমান বন্দৰত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ধটনাটো। যান্ত্ৰিক বিজুতিৰ বাবে বিমানখনত অগ্নিকাণ্ড সংঘটিত হৈ ৰান ৱে’ৰ পৰা পিছলি পৰি দুৰ্ঘটনাটো হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ