মাত্ৰ দুদিনৰ ব্যৱধান৷ আকৌ এবাৰ ভাৰতক দিলে পদকৰ সোৱাদ৷ দুদিনৰ ব্যৱধানত দ্বিতীয়টো পদক জয় কৰিলে মনু ভাকেৰে৷ ১০ মিটাৰ এয়াৰ পিস্তলত ব্যক্তিগত ইভেণ্টৰ পাছত মিক্সড ইভেণ্টতো ব্ৰঞ্জ জয় কৰিলে মনু ভাকেৰে৷ এই মেচত তেওঁৰ সংগী আছিল সৰৱজিৎ সিংহ৷ প্ৰথম ভাৰতীয় ক্ৰীড়াবিদ হিচাপে অলিম্পিকত দুটাকৈ পদক জয় কৰিছে মনু ভাকেৰে৷ জয়ৰ পাছতেই তেওঁ কয় যে, ইতিহাসত নাম লিপিবদ্ধ কৰিম বুলি খেলা নাছিল৷ শেষ পৰ্যন্ত যুদ্ধ কৰি যোৱাৰ মানসেৰে যুঁজত নামিছিল মনু ভাকেৰ আৰু তেওঁৰ সংগী সৰৱজিৎ সিংহ৷
ভাৰতৰ ব্ৰঞ্জ নিশ্চিত হোৱাৰ পাছতেই গেলাৰীৰ দৰ্শকৰ অভিবাদন গ্ৰহণ কৰা ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ তাৰমাজতেই এক স্পৰ্টছ চেনেলৰ সন্মুখত মনুৱে কয়, ‘সকলোৰে ওচৰত মই কৃতজ্ঞ৷ দ্বিতীয় ভাৰতীয় হিচাপে পদক জিকি মই গৰ্বিত৷ সকলোৰে আশীৰ্বাদ অবিহনে এয়া সম্ভৱ নাছিল৷’
প্ৰথম চিৰিজত ভাৰতীয় দল পিছুৱাই আছিল কোৰিয়াৰ সন্মুখত৷ বেয়া স্কোৰ কৰিছিল সৰবজিতে৷ কিন্তু দ্বিতীয় চিৰিজৰ পৰাই আকৌ ফৰ্মত আহে ভাৰত৷ এটাৰ পাছত এটাকৈ ৪টা চিৰিজ জিকি পেলাই ভাৰতে৷ খেল তেতিয়া ভাৰতৰ হাতত৷ মনুৱে প্ৰতিখন চিৰিজতেই ভাল স্কোৰ কৰিছিল সেয়াই জয়ৰ অন্যতম কাৰণ৷ এই বিষয়ে বাখ্যা কৰিবলৈ গৈ মনুৱে কয়, ‘প্ৰকৃততে সকলো সময়তে সকলোবোৰ আমাৰ হাতত নাথাকে৷ যি থাকে সেই সময়খিনিত নিজৰ সকলোবোৰ দি চেষ্টা চলাব লাগে৷ পেৰিছলৈ অহাৰ পূৰ্বেই মই আৰু সৰৱজিতে ঠিক কৰিছিলো যে, অন্য কোনো কথাতেই আমি মন নিদো৷ ইভেণ্টৰ দিনা নিজৰ সৰ্বোচ্চ দি খেলিম৷ তাৰপাছত যি হ’ব দেখা যাব৷ যিয়েই নহওক যি সেয়া মানি ল’ব লাগিব৷ শেষ পৰ্যন্ত যুঁজি যাম বুলিয়েই আমি খেলিছিলো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ