পেৰিছ অলিম্পিকৰ সাম্ভাব্য পদকজয়ীসকলৰ তালিকাত ওপৰতেই নাম আছিল মনু ভাকেৰৰ৷ তেওঁ নিৰাশ কৰা নাই দেশবাসীক৷ পেৰিছ অলিম্পিকত ১০ মিটাৰ এয়াৰ পিস্তল ইভেণ্টৰ ব্যক্তিগত ইভেণ্টত খেলিবলৈ নামি তৃতীয় স্থান দখল কৰি ফাইনেলত প্ৰৱেশ কৰিছে মনু ভাকেৰে৷ মনু ভাকেৰে ইভেণ্টত খেলিবলৈ নামি তৃতীয় স্থান দখল কৰিছে৷ তেওঁৰ পয়েণ্ট ৫৮০৷ শীৰ্ষত আছে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ৰূপ জয়ী এন্তেয়ানেতা কোস্তাদিনোভা৷
মনু ভাকেৰ
কোৱালিফায়িঙৰ ৰাউণ্ডৰ আৰম্ভণিৰ পৰাই মনু আগুৱাই আছে৷ তেওঁ ৯৭ ৰ চাৰিটা স্কোৰ কৰে, ৯৭ক এখন স্কোৰ আৰু ৯৬ৰ দুটা স্কোৰ কৰে৷ দেওবাৰ অৰ্থাৎ ২৮ জুলাইত তেওঁ ফাইনেলত নামিব৷ দুপৰীয়া ৩ বাজি ৩০ মিনিটত আৰম্ভ হ’ব মনু ভাকেৰৰ পদক জয়ৰ মেচ৷
টকিঅ’ৰ ব্যৰ্থতা দূৰ হ’ব?
২৩ বছৰ বয়সীয়া মনু ভাকেৰ টকিঅ’ অলিম্পিকত ব্যৰ্থ হৈছিল৷ তেওঁৰ পিস্তলত হোৱা সমস্যাৰ বাবেই তেওঁ যুঁজ দিব নোৱাৰিলে৷ এইবাৰ তেওঁ আগুৱাইছে৷ মনু ভকেৰক লৈ এইবাৰ আশাবাদী দেশবাসীও৷ কিন্তু মনুৰ এই যুঁজ জানো তেনেই সহজ হ’ব? মুঠেও নহয়৷ তেওঁ যুঁজ দিব ভেৰোনিকা মেজৰ আৰু ইয়ে জিনৰ বিৰুদ্ধে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ