• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

2 years ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

5 minutes ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

31 minutes ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

57 minutes ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

1 hour ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

2 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

2 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

2 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

3 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

4 hours ago
দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

দৃশ্যগ্ৰহণত অশান্তি পাইছিল প্ৰিয়ংকাই, তাৰ পিছত ঘটিল এই ঘটনা!

4 hours ago
আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

আজি মনোনয়ন দাখিলৰ অন্তিম দিন, দিলে প্ৰশাসনে নিৰ্দেশনা!

5 hours ago
ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

ইনষ্টাগ্ৰামৰ পৰা উপাৰ্জন কৰক ধন! জানক উপাৰ্জন বৃদ্ধিৰ টিপচ

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই

editor by editor
November 4, 2023
in বিশ্ব
0
ভূমিকম্পৰ আফটাৰ এফেক্ট! নিশাৰ বৰভুইকঁপৰ পাছত বৰ্তমানলৈকে ১৫৯ টা ভূমিকম্পই জোঁকাৰিছে নেপাল, ঘৰত সোমাবলৈ এতিয়াও ভয় কৰিছে জনতাই
0
SHARES
358
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিধ্বংসী ভূমিকম্পত তছনছ নেপালৰ বিস্তীৰ্ণ এলেকা। বৃহৎ ভূঁইকপৰ পাছতেই ১৫৯ বাৰ কঁপিছে নেপালৰ মাটি। ইয়াৰোপৰি জাতীয় ভূমিকম্প পৰ্যবেক্ষণ আৰু গৱেষণা কেন্দ্ৰ নেশ্ব্যনেল আৰ্থকুইক মনিটৰিং এণ্ড ৰিচাৰ্ছ চেন্টাৰৰ তৰফৰ পৰা দিয়া হৈছে বিশেষ সতৰ্কবাণীও। ভূমিকম্প পৰ্যবেক্ষণ আৰু গৱেষণা কেন্দ্ৰই জনোৱা অনুসৰি শুকুৰবাৰে নিশা ভূমিকম্পৰ পাছতেই বৰ্তমান পৰ্যন্ত ১৫৯ বাৰ মূল কম্পনৰ পৰবৰ্তী কম্পন বা আফটাৰশ্বক অনুভূত হৈছে। বাঢ়িছে আতংকও। সংবাদ সংস্থা পিটিআইৰ প্ৰতিবেদন অনুসৰি মূল ভূমিকম্প আৰু আফটাৰশ্বকৰ আতংকত বহু মানুহে নিজৰ ঘৰত প্ৰৱেশ কৰিবলৈকো ভয় কৰিছে মৃত্যুভয়ে বহু মানুহকেই এতিয়াও খেদি আছে। দিনৰ পোহৰতো ঘৰৰ ভিতৰত সোমাবলৈ ভয় কৰিছে একাংশই।

চৰকাৰী হিচাপ অনুসৰি মৃতকৰ সংখ্যাই প্ৰায় ২০০ চুইছেগৈ। বহু মানুহ আহতও হৈছে। সুৰক্ষেত জিলা হাস্পতালত বেছিভাগ আহতৰ চিকিৎসা চলিছে। মৃত্যুৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰিছে প্ৰশাসনে। শুক্ৰবাৰে নিশা ১২ বজাত ভূমিকম্পত কঁপি উঠিছিল ভাৰতৰ প্ৰতিবেশী ৰাষ্ট্ৰ নেপাল। নেশ্ব্যনেল চেণ্টাৰ ফল ছেছম’লজিৰ তৰফৰ পৰা জনোৱা অনুসৰি ভূমিকম্পৰ উৎপত্তিস্থল হৈছে নেপালৰ জাজাৰকোটৰ ৰামিদণ্ডা। কম্পনৰ কেন্দ্ৰ মাটিৰ পৰা মাত্ৰ ১০ কিঃমিঃ গভীৰ আছিল। ৰিখটাৰ স্কেলত কম্পনৰ মাত্ৰা আছিল ৬.৮। নেপালৰ ভূমিকম্পৰ অভিঘাতত কঁপি উঠিছিল সুদূৰ দিল্লীৰ মাটিও। বেছ কিছু ক্ষণ ধৰি এই কম্পন অনুভূত হৈয়েই আছিল। ইয়াৰোপৰি ভূমিকম্পৰ কাৰণে এনচিআৰ, অযোধ্যাসহ উত্তৰ ভাৰতৰ বৃহৎ অংশৰ মাটিত কম্পন অনুভূত হৈছিল। লক্ষ্নৌ আৰু বিহাৰৰ বেছ কিছু অঞ্চলৰ মাটি কঁপি উঠিছিল। ভূমিকম্পৰ ফলত হোৱা ধ্বংসৰ কেইবাখনো ছবি ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেলো হৈছে। নিশাৰ অন্ধকাৰতো মানুহৰ মুখৰ সেই আতংক ধৰা পৰিছে। কম্পনৰ ফলত ভাৰততো বহু লোকে নিজৰ বাসগৃহ এৰি পলোৱাও পৰিলক্ষিত হৈছে।

নেপালৰ সংবাদমাধ্যমৰ সূত্ৰৰ খবৰ অনুসৰি ভূমিকম্পই আঘাত কৰাৰ কিছুক্ষণৰ ভিতৰতেই কেইবাখনো ঘৰ খহি পৰিছিল। বহু লোকৰ বাসগৃহত ফাঁট মেলিছে। ধ্বংসস্তূপৰ মাজত চেঁপা খায়েই বহু মানুহৰ মৃত্যু হৈছে। সকলোতকৈ বেছি ক্ষতিগ্ৰস্থ হৈছে পশ্চিম ৰুকুম আৰু পাহাৰী জাজাৰকোট এলেকাৰ বাসিন্দাসকল। এই দুই এলেকা শ্মশানত পৰিণত হৈছে। দুই এলেকাত চাৰিওফালে এতিয়া কেৱল শুনা গৈছে আৰ্তনাদ।

নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পকমল দাহালে ভূমিকম্পৰ ফলত হোৱা মৃত্যু আৰু ক্ষয়ক্ষতিক লৈ শোকপ্ৰকাশ কৰিছে। চিকিৎকৰ দল লগত লৈ ভূমিকম্প বিধ্বস্ত এলেকাসমূহ পৰিদৰ্শন কৰিছে। নেপাল সেনাবাহিনী আৰু নেপাল আৰক্ষীয়ে নিশাৰে পৰাই অব্যাহত ৰাখিছে উদ্ধাৰকাৰ্য। নেপালৰ প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ তৰফৰ পৰা এক্সত কৰা পোষ্ট অনুসৰি, ‘শুকুৰবাৰে নিশা ১২ বজাত অহা ভূমিকম্পৰ ফলত মৃত্যু হোৱা আৰু ক্ষতি হোৱা সকলো পৰিয়ালক লৈ দুখ প্ৰকাশ কৰিছে প্রধানমন্ত্ৰী পুষ্পকমল দাহালে।’ উদ্ধাৰৰ কাম কেনেদৰে চলিছে সেই সন্দৰ্ভতো তেওঁ লিখিছে, ‘নেপালত হোৱা ভূমিকম্পৰ কাৰণে হোৱা প্ৰাণহানি আৰু ক্ষয় ক্ষতিকলৈ আমি গভীৰভাৱে শোকাহত। উদ্ধাৰৰ কাম আমি চলাই আছো।’

নেপালৰ কাষত থকাৰ বাৰ্তা দিছে ভাৰতৰ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও। এক্স হেণ্ডেলত পোষ্ট কৰি মোদীয়ে লিখিছে, ‘নেপালত হোৱা ভূমিকম্পৰ কাৰণে প্ৰাণহানি আৰু ক্ষয়ক্ষতি হোৱা লোকক লৈ আমি গভীৰভাৱে শোকাহত। নেপালৰ জনগণৰ কাষত ভাৰত আছে। নেপালক সাম্ভাব্য সকলো ধৰণৰ সহায় ভাৰতে কৰিব। আত্মীয়ক হেৰুওৱা পৰিয়ালৰ প্ৰতিও সমবেদনা জনাইছো। আহতসকলৰো দ্ৰুত সুস্থতাৰ বাবে প্ৰাৰ্থনা কৰিছো।’

উল্লেখ্য যে ২০১৫ চনৰ ২৫ এপ্ৰিলত ৰিখটাৰ স্কেলত প্ৰায় ৮ মাত্ৰাৰ এটা ভূমিকম্প আহিছিল। এই ভূইকঁপৰ কেন্দ্ৰস্থল আছিল গোৰ্খা জিলাৰ বাৰপাক। ভূমিকম্পৰ তাণ্ডৱত প্ৰায় ৯ হাজাৰ মানুহৰ মৃত্যুও হৈছিল। আহত হৈছিল প্ৰায় ২২ হাজাৰ মানুহ। হাজাৰ হাজাৰ ঘৰ, স্কুল তাচপাতৰ দৰে খহি পৰিছিল। মৃত্যুুপুৰীত পৰিণত হৈছিল নেপাল। সমগ্ৰ বিশ্ব সেই ভয়াৱহতাৰ সাক্ষীও হৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!
বিশ্ব

আমেৰিকাত জাৰি নতুন সোণৰ মুদ্ৰা, থাকিব ড’নাল্ড ট্ৰাম্পৰ ফটো!

March 22, 2026
চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ
জীৱনশৈলী

চকুৰ পলকতেই শেষ হৈছিল ৫০০ সেনা, ধ্বংস প্ৰাসাদ, জাহাজ সকলো! মাত্ৰ ৩৮ মিনিট ধৰি চলিছিল বিশ্বৰ এই যুদ্ধ

March 22, 2026
ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?
জীৱনশৈলী

ওলোটাকৈ ব’ব ধৰিছে সমুদ্ৰ সোঁত! এণ্টাৰ্কটিকাৰ সমুদ্ৰৰ পানীত বাঢ়িছে নিমখৰ পৰিমাণো, কি বিপদৰ ইংগিত এয়া, কি কৈছে বিজ্ঞানীয়ে?

March 22, 2026
Next Post
‘মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান…’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

'মোৰ গান হওক আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান...’ ভূপেন হাজৰিকাই কাহানিও কিয় গোৱা নাছিল নিৰাশাৰ গান?

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

শিল্পীক সন্মান জনাব নজনা আমি অসমীয়া জাতি! দাক্ষিণাত্যই কেনেদৰে জীয়াই ৰাখিছে ভূপেন হাজৰিকাৰ সৃষ্টিক?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.