অতিকে দুখজনক- চুলি খুৰোৱা পৰ্বৰ বাবে গৈ আছিল পৰিয়াল ৪জন নিহত, ৬জনৰ অৱস্থা সংকটজনক
১৬ জুলাই মঙলবাৰে পুৱাই এক অতিকে দুখজনক খবৰ আহে। দুৰ্ঘটনাত পৰি একেটা পৰিয়ালৰে ৪গৰাকীয়ে হেৰুৱাই প্ৰাণ, আনহাতে আন ৬ গৰাকীৰ অৱস্থা সংকটজনক।
বিহাৰৰ পাটনাৰ বাখতিয়াৰপুৰত সংঘটিত হৈছে এই ভয়ংকৰ পথ দুৰ্ঘটনাটো। ভয়ংকৰ পথ দুৰ্ঘটনাত এটা পৰিয়ালৰ চাৰিজন সদস্যৰ মৃত্যু হয়। আনহাতে ছয়জন লোকৰ অৱস্থা সংকটজনক। বাখতিয়াৰপুৰ-বিহাৰশ্বৰীফ ঘাইপথত সংঘটিত হৈছে এই ঘটনা।
জানিব পৰা মতে আজি নৱাড়া জিলাৰ হামিদপুৰ বাৰাৰ এটি পৰিয়ালে বৰ উমানাথ মন্দিৰলৈ গৈ আছিল চুলি খুৰোৱা অনুষ্ঠান এটাৰ উদ্দেশ্যে। বাখতিয়াৰপুৰ থানা এলেকাৰ মনছাৰোভাৰ পেট্ৰ’ল পাম্পৰ সমীপতে এখন তীব্ৰবেগী স্ক’ৰপিঅ’ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে। এই সংঘৰ্ষ ইমানেই ভয়াৱহ আছিল যে স্ক’ৰপিঅ’ত যাত্ৰা কৰা চাৰিজন লোকৰ থিতাতে মৃত্যু হয়।
ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ঘটনা সংঘটিত হোৱাৰ লগে লগে স্থানীয় মানুহৰ ভিৰ লাগি যায় ঘটনীস্থলীত। তথ্য পোৱাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।
আৰক্ষীয়ে স্ক’ৰপিঅ’ বাহন খনৰ পৰা আহতসকলক উলিয়াই আনি চিকিৎসাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰে। মৃতদেহ কেইটাক জিম্মাত লৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।
বান মহকুমাৰ ডি এছ পি ২ অভিষেক সিঙে কয় যে একেটা পৰিয়ালৰ চাৰিজন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু পোহৰলৈ আহিছে। মৃত্যু হোৱা লোকৰ পৰিয়াললৈ তথ্য প্ৰেৰণ কৰা হৈছে। আটাইকেইজন লোক নৱাড়া জিলাৰ হামিদপুৰ বাৰা গাঁৱৰ বুলি জানিব পৰা গৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















