অসম লাইভ ২৪ঃ মৰিয়নিৰ বিশেষভাৱে সক্ষম এজন ছাত্ৰ। ৩ বছৰ বয়সতে স্নায়ুজনিত জটিল ৰোগত আক্ৰান্ত হৈ শৰীৰৰ অধিকাংশ অকামিলা হৈ পৰিছিল প্ৰিয়পল সন্দিকৈ নামৰ ছাত্ৰজনৰ। কিন্তু শাৰীৰিক বাধাগ্ৰস্ততাই জীৱন স্তব্ধ কৰিব নোৱাৰিলে প্ৰিয়পলক। হুইল চেয়াৰখনকে সাৰথি কৰি নামি পৰিল জীৱন যুঁজত। মৰিয়নি নগৰৰ নিজৰাপাৰ অঞ্চলৰ বাসিন্দা পুলিন সন্দিকৈ আৰু প্ৰতীতি সন্দিকৈৰ জ্যেষ্ঠ সন্তান প্ৰিয়পল। আনৰ সহায় নোলোৱাকৈ কোনো কামে কৰিব নোৱাৰে প্ৰিয়পলে। তথাপিও প্ৰবল ইচ্ছা শক্তিৰে হুইল চেয়াৰত বহিয়ে চলাই গ’ল শিক্ষা জীৱন। মেধাৰ পৰিচয় দি হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৯৩ শতাংশ নম্বৰ লৈ উত্তীর্ণ হ’ল প্ৰিয়পল। মহাবিদ্যালয়ত শিক্ষা জীৱন আৰম্ভ কৰিবলৈ লোৱাৰ সময়ত বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে পর্যাপ্ত সা-সুবিধা নথকাত চিন্তিত হৈ পৰিছে মেধাৱী ছাত্ৰগৰাকী। বিশেষভাৱে সক্ষম ছাত্ৰ-ছাত্ৰীৰ বাবে মহাবিদ্যালয়সমূহত উপযুক্ত সুবিধা প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীলৈ জনাইছে আহ্বান। ভৱিষ্যতে পদার্থ বিজ্ঞানী হোৱাৰ সপোন দেখিছে প্ৰিয়পলে। পিছে উচ্চ শিক্ষাৰ ক্ষেত্ৰত বাধাৰ প্ৰচীৰ হিচাপে থিয় দিছে আর্থিক অনাটনে। লকডাউনে বিপর্যস্ত কৰা অর্থনৈতিক অৱস্থাক লৈ এতিয়া আশাহত মেধাৱী ছাত্ৰজনৰ পৰিয়াল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ