অসম লাইভ ২৪ঃ কংগ্ৰেছ দলৰ প্ৰাৰ্থী হিচাপে মৰিয়নী সমষ্টিৰ পৰা চাৰিবাৰকৈ বিধানসভালৈ নিৰ্বাচিত হোৱা ৰূপজোতি কুৰ্মীয়ে কংগ্ৰেছ দল আৰু কংগ্ৰেছত ভোটদান কৰা ৰাইজক চৰম বিশ্বাসঘাটকতা কৰে। মৰিয়নী সমষ্টিত একপ্ৰকাৰ কংগ্ৰেছৰ ভেঁটি খহাই বিজেপি দলত যোগদান কৰাৰ লগে লগে কংগ্ৰেছৰ আভ্যন্তৰীন নেতৃত্বৰ বিৰুদ্ধে ক্ষোভৰ উদগীৰণ হ’বলৈ আৰম্ভ হৈছে। অন্যহাতে বিশ্বাসঘাটক ৰূপজোতি কুৰ্মীক উপ-নিৰ্বাচনত এসেকা দিবলৈ সাজু হৈছে কংগ্ৰেছৰ নিষ্ঠাবান কৰ্মকৰ্তা। ইতিমধ্যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক আৰু যোৰহাট সমষ্টিৰ প্ৰাক্তন বিধায়ক ৰাণা গোস্বামীয়ে দিনে নিশাই মৰিয়নী সমষ্টিৰ চুকে-কোণে গৈ কংগ্ৰেছ দলৰ কৰ্মীসকলৰ সৈতে সাক্ষাৎ কৰি দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ ক্ষেত্ৰত উঠি পৰি লাগিছে। ৰাণা গোস্বামীৰ সৱল নেতৃত্বত ইতিমধ্যেই মৰিয়নীত কংগ্ৰেছৰ খহনীয়া বহুখিনি ৰোধ হোৱা পৰিলক্ষিত হৈছে। আনহাতে আঞ্চলিক দল ৰাইজৰ দলেও মৰিয়নী সমষ্টিত আগন্তুক উপ-নিৰ্বাচনত যুঁজিবলৈ সাজু হৈছে। ৰাইজৰ দলৰ কৰ্মকৰ্তাসকলে ইতিমধ্যে সমষ্টিটোৰ গাঁৱে-ভূঁয়ে দলৰ সাংগঠনিক ভেটি সুদৃঢ় কৰাৰ বাবে ৰাইজৰ লগতে জাতীয় সংগঠনসমূহৰ কাষ চাপিছে। জানিব পৰা মতে, ইতিমধ্যেই একাংশ জাতীয় সংগঠনৰ সৈতে ৰাইজৰ দলৰ নেতৃত্বই আলোচনাত মিলিত হৈ আসন্ন উপ নিৰ্বাচনৰ ৰণকৌশলো তৈয়াৰ কৰিছে। ইফালে ৰাইজৰ দলৰ নেতা তথা শিৱসাগৰ বিধানসভা সমষ্টিৰ বিধায়ক অখিল গগৈয়ে শীঘ্ৰেই মৰিয়নী সমষ্টিত উপস্থিত হৈ সমষ্টিটোৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ সৈতে আলোচনাত মিলিত হ’ব। মন কৰিবলগীয়া যে ৰূপজোতি কুৰ্মীৰ বিজেপি গমনে যি দৰে কংগ্ৰেছৰ কৰ্মকৰ্তা সকলক বিষন্ন কৰিছে সেইদৰে বিজেপিৰ কৰ্মকৰ্তা সকলকো অতিষ্ঠ কৰি তুলিছে। কিয়নো দুই বিপৰীত মেৰুত অৱস্থান গ্ৰহণ কৰি কংগ্ৰেছ আৰু বিজেপি দুয়োটা দলে পৰস্পৰে পৰস্পৰৰ আদৰ্শক সমালোচনা কৰি বছৰ বছৰ ধৰি ৰাজনৈতিক যুঁজ দিয়া মৰিয়নীৰ নিষ্ঠাবান কংগ্ৰেছ আৰু বিজেপি কৰ্মীসকলক অনাকাংক্ষিত ৰাজনৈতিক পৰিবৰ্তনে বিমোৰত পেলাইছে। ইফালে ৪ জুলাইত বাপুজী ষ্টেডিয়ামত অনুষ্ঠিত হোৱা বিজেপিৰ যোগদান সভাত মন্ত্ৰী পিয়ুষ হাজৰিকাই ৰূপজোতি কুৰ্মীৰ প্ৰশংসাত পঞ্চমুখ হৈ দিয়া ভাষণে মৰিয়নী সমষ্টিৰ বিজেপিৰ কৰ্মীসকলক একপ্ৰকাৰে অপ্ৰস্তুত কৰি তুলিছিল। উক্ত সভাত বিজেপিৰ কেইবাজনো ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ নেতা আৰু কৰ্মীক সম্পূৰ্ণৰূপে উপেক্ষা কৰাত বিজেপি কৰ্মীসকলৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে। মৰিয়নীসহ চাৰিটা বিধানসভা সমষ্টিৰ সম্ভাব্য উপ-নিৰ্বাচনৰ প্ৰস্তুতি আৰু সমষ্টিকেইটাত দলীয় আন্তঃগাঁথনিৰ বুজ ল’বলৈ অসম জাতীয় পৰিষদে তৎপৰতা আৰম্ভ কৰিছে৷ সেই মৰ্মে আজি দলৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই চাৰিখন উপ-সমিতি গঠন কৰি দিয়ে।
উপ-সমিতি কেইখন এনেধৰণৰ:
মৰিয়নীঃ
ইজৰাইল নন্দ
বাণী দাস
জিয়াউৰ ৰহমান
ৰাজু ফুকন
প্ৰদীপ সেন শৰ্মা
মাজুলীঃ
চিত্তৰঞ্জন বসুমতাৰী
ডঃ শংকৰজ্যোতি কুটুম
ডঃ উৎপল শৰ্মা
দ্বীপ পেগু
সত্যজিৎ ৰেগন
তামুলপুৰঃ
অঞ্জন উপাধ্যায়
অমিতাভ বৰঠাকুৰ
গিৰিণ তালুকদাৰ
পংকজ লোচন গোস্বামী
গোসাইগাঁওঃ
দুলু আহমেদ
দেৱজিৎ অধিকাৰী
প্ৰিন্স ফাইজুল হক
ডাঃ আনিচ আহমেদ
অজয় তাঁতী
উপ-সমিতিকেইখনক অহা ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে সাধাৰণ সম্পাদক জগদীশ ভূঞাই৷
দীপক দত্ত, মৰিয়নী, অসম লাইভ ২৪
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ














