অসম লাইভ ২৪ঃ বিশ্বৰ সর্ববৃহৎ ছ’চিয়েল নেটৱর্কিং ছাইটৰ প্ৰতিষ্ঠাপক মার্ক জুকাৰবার্গৰ আজি জন্মদিন। আজি ৩৭ বছৰ বয়সত ভৰি দিলে জুকাৰবার্গে। ১৯৮৪ চনৰ ১৪ মে’ত নিউয়র্কত জন্ম হৈছিল জুকাৰবার্গৰ। মার্ক জুকাৰবার্গৰ প্ৰকৃত নাম মার্ক এলিয়েট জুকাৰবার্গ। ‘ফেচবুক’ৰ জৰিয়তে সমগ্ৰ বিশ্বক একলগ কৰোৱা জুকাৰবার্গ ২৩ বছৰ বয়সতে হৈছিল আৰবপতি। ২০০৪ চনত জুকাৰবার্গে জন্ম দিছিল ‘ফেচবুক’। সেই ‘ফেচবুক’ আজিৰ তাৰিখত ২.৬ বিলিয়ন ইউজাৰে ব্যৱহাৰ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ