অসম লাইভ ২৪ঃ বিবাহিত নাৰীয়ে কোন দিশত শুব লাগে? এগৰাকী নাৰীৰ ওপৰতেই এখন ঘৰৰ সকলো দিশ নিৰ্ণয় হৈ থাকে। নাৰীগৰাকীয়ে কেনেকৈ চলিলে ঘৰখনৰ উন্নতি হয় বা নাৰীৰ কেনেধৰণৰ কাৰ্যসমূহে ঘৰত প্ৰভাৱ পেলাই সেই সম্পৰ্কে বাস্তু শাস্ত্ৰত বিশদভাৱে উল্লেখ আছে।
এগৰাকী নাৰীৰ শুৱাৰ ধৰণেও সমস্যাৰ সৃষ্টি কৰিব পাৰে। বাস্তু শাস্ত্ৰত এগৰাকী মহিলাৰ শোৱাৰ দিশৰ বিষয়েও উল্লেখ আছে। বাস্তু শাস্ত্ৰৰ মতে কিছুমান দিশত ভৰি দি শুলে মানুহৰ দুৰ্ভাগ্য বৃদ্ধি হয়। জীৱনত বিভিন্ন অনাকাংশিত সমস্যা বাঢ়িবলৈ আৰম্ভ কৰে। বাস্তু শাস্ত্ৰমতে ঘৰৰ মূল মহিলাই কেতিয়াও ভৰি দুখন দক্ষিণ দিশলৈ দি শুব নালাগে। ইয়াক যমৰাজৰ দিশ বুলি ধৰা হয়। কোৱা হয় যে এই দিশত ভৰি দি শুলে ভগৱান যমৰ খং উঠে, যাৰ ফলত আমাৰ স্বাস্থ্য আৰু বয়স দুয়োটাতে প্ৰভাৱ পৰিব পাৰে। বৃদ্ধ আৰু অসুস্থ লোকসকলে এই বিষয়টোক নজৰ দিয়া উচিত। শুওতে মূৰ দক্ষিণ দিশত ৰাখি শুলে ভাল বুলি গণ্য কৰা হয়।
যদি উত্তৰ দিশলৈ ভৰি থৈ শুৱাটোও বাস্তু শাস্ত্ৰৰ মতে অশুভ। এই দিশ সম্পদৰ অধিপতি কুবেৰৰ। কোৱা হয় যে এই দিশত ভৰি দি শুলে উত্তৰ দিশৰ ধনাত্মক তৰংগত প্ৰভাৱ পৰে। ই আৰ্থিক দিশত প্ৰভাৱ পেলায়। এই দিশত ভৰি থৈ শুলে আয়-ব্যয়ৰ ভাৰসাম্যতাত ব্যাঘাত জন্মিব পাৰে। সেয়ে ভৰি দুখন এই দিশত ৰাখি শুৱাৰ পৰা বিৰত থাকিবলৈ বাস্তু শাস্ত্ৰই পৰামৰ্শ দিয়ে।
বাস্তু শাস্ত্ৰমতে অবিবাহিত নাৰীয়েও ভৰি এই দিশত ৰাখিব নালাগে। অবিবাহিত ছোৱালীয়ে দক্ষিণ-পশ্চিম দিশত ভৰি দি শুৱাৰ পৰা বিৰত থাকিব লাগে। ছোৱালীয়ে এই দিশত ভৰি থৈ শুৱাটো শুভ বুলি গণ্য কৰা নহয়। অৱশ্যে বিবাহিত মহিলাই উত্তৰ দিশলৈ ভৰি দি শুৱাটো শুভ।
বিবাহিত মহিলাই পশ্চিম কোণত শুব নালাগে বুলি বাস্তু শাস্ত্ৰত উল্লেখ আছে। উত্তৰ আৰু পশ্চিমৰ মাজত শুলে নাৰীয়ে এটা সুকীয়া ঘৰ স্থাপন কৰাৰ সপোন দেখিবলৈ আৰম্ভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ