অসম লাইভ২৪ঃ এপ্ৰিল মাহত মীন ৰাশিত জুঁটি বান্ধিব মঙ্গল আৰু বুধে। ২৩ এপ্ৰিলত এই ৰাশিতেই মঙ্গলেও প্ৰৱেশ কৰিব। পুনৰ ৯ এপ্ৰিলৰ পৰা ১০ মে পৰ্যন্ত এই স্থানতেই অৱস্থান কৰিব বুধে। যাৰ ফলত ২৩ এপ্ৰিলৰ পৰা মীন ৰাশিত মঙ্গল আৰু বুধৰ যুঁটি হ’ব। জ্যোতিষ অনুসৰি এই যুঁটি তিনি ৰাশিৰ জাতকৰ বাবে অত্যন্ত ফলদায়ী হ’ব। ধন সম্পত্তি বৃদ্ধিৰো পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰোপৰি ভাগ্যৰ সংগ পাব এই ৰাশিৰ জাতকে। মঙ্গল-বুধৰ যুঁটি কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ জানি থওক সবিশেষ।
কৰ্কট ৰাশি
বুধ আৰু মঙ্গলৰ যুঁটি এই ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। ৰাশিৰ নৱম স্থানত এই যুঁটি গঢ়ি উঠিছে। যাৰ ফলত ভাগ্যোদয় হ’ব পাৰে কৰ্কট ৰাশিৰ জাতকৰ। ইয়াৰোপৰি কেৰিয়াৰতো উন্নতিৰ পূৰ্ণ সম্ভাৱনা। চৰকাৰী চাকৰিৰ প্ৰস্তুতি চলাই থকাসকলে নিজৰ পৰিশ্ৰমৰ জোৰত চাকৰি লাভ কৰিব পাৰিব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এই সময় অনুকূল। ধৰ্মীয় অনুষ্ঠানত অংশগ্ৰহণ কৰিব পাৰে। ৰৈ থকা কাম সম্পূৰ্ণ হ’ব। পৰিশ্ৰমৰ ফল লাভ কৰিব।
মিথুন ৰাশি
বুধ আৰু মঙ্গলৰ সংযোগ মিথুন ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব। গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই সংযোগ গঢ়ি উঠিব। এপ্ৰিলৰ শেষৰ ফালে কাম আৰু ব্যৱসায়ত উন্নতি আহিব। সুখ সুবিধা বৃদ্ধি পোৱাত মন প্ৰফুল্লিত হৈ থাকিব। এই সময়ত সমস্ত ইচ্ছাপূৰণ হ’ব মিথুন ৰাশিৰ জাতকৰ। ব্যৱসায়ীসকলে ভাল ধন অৰ্জন কৰিব পাৰে। পৈতৃক সম্পত্তি লাভৰো পূৰ্ণ সম্ভাৱনা আছে।
কুম্ভ ৰাশি
মঙ্গল আৰু বুধৰ সংযোগ শুভ ফলদায়ী প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত এই যুঁটি তৈয়াৰ হৈছে। এই সময়ৰ আপুনি আকস্মিক ধন লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে। আপোনাৰ বাণীৰ প্ৰভাৱ বাঢ়িব। ইয়াৰ ফলত সকলোৱে আপোনাৰ দ্বাৰা প্ৰভাৱিত হ’ব। সমাজত মান সন্মান, প্ৰতিষ্ঠা বৃদ্ধি পাব। কেৰিয়াৰত আগুৱাই যোৱাৰ নতুন নতুন সুযোগ আহিব। আৰ্থিক পৰিস্থিতি উন্নত হ’ব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ