অসম লাইভ ২৪ঃ মাহৰ শেষত ৰাশি পৰিবৰ্তন কৰিছে মঙ্গলে। ২৭ ডিচেম্বৰৰ নিশা ১১বাজি ৪০ মিনিটত ধনু ৰাশিত প্ৰৱেশ কৰিছে এই গ্ৰহই। ধনু ৰাশিৰ অধিপতি হৈছে বৃহস্পতি। জ্যোতিষ অনুসৰি মঙল আৰু বৃহস্পতিৰ মাজত শত্ৰুতাৰ সম্পৰ্ক আছে। শাস্ত্ৰ অনুসৰি ভূমি, সাহস, খং আৰু শক্তিৰ কাৰক গ্ৰহ। অন্যহাতে বৃহস্পতি শিক্ষা, গুৰু, ধন, বিবাহৰ কাৰক গ্ৰহ। এই দুই গ্ৰহৰ বিপৰীত স্বভাৱে ব্যক্তিৰ জীৱনত প্ৰভাৱ পেলাব। শত্ৰুৰ ৰাশিত প্ৰৱেশ কৰিও কিছু ৰাশিৰ জাতকৰ বাবে লাভজনক ফল কঢ়িয়াই আনিব মঙ্গলে। ভূমিপুত্ৰ মঙলৰ ৰাশি পৰিবৰ্তনত কোন কোন ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব জানি থওক সবিশেষ।
মেষ ৰাশি
মঙ্গলৰ ধনু ৰাশিত প্ৰৱেশ কৰি এই ৰাশিৰ নৱম স্থানত বিচৰণ কৰিব। এই স্থানক ভাগ্য, ধৰ্ম, তীৰ্থযাত্ৰাৰ স্থান বুলি কোৱা হয়। মেষ ৰাশিৰ জাতকৰ জীৱনত মঙলৰ ৰাশি পৰিবৰ্তনৰ ইতিবাচক প্রভাৱ পৰিব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। ব্যক্তিত্ব উন্নত হ’ব এই ৰাশিৰ জাতকৰ? পৰিয়ালত সুখ শান্তি বৰ্তী থাকিব।
তুলা ৰাশি
জ্যোতিষ গণনা অনুসৰি এই ৰাশিৰ তৃতীয় স্থানত মঙ্গলে গোচৰ কৰিছে। এই পৰিস্থিতিত তুলা ৰাশিৰ জাতকৰ জীৱনত অনুকূল প্ৰভাৱ পৰিব। চাকৰি বিচাৰি থকাসকলে সফলতা লাভ কৰিব। সংগীৰ সৈতে ভাল সময় কটাব এই ৰাশিৰ জাতকে। ভায়েক ভনীয়েকৰ সৈতে ভাল সম্পৰ্ক থাকিব। আধ্যাত্মিকতাৰ প্ৰতি ৰুচি বাঢ়িব। শত্ৰুৰ ওপৰত প্রভাৱ বিস্তাৰৰ চেষ্টা কৰিব এই ৰাশিৰ জাতকে। ব্যৱসায়ত লাভ বাঢ়িব।
ধনু ৰাশি
ধনু ৰাশিৰ মঙ্গলত প্ৰৱেশে ভাল খবৰ আনিব ধনু ৰাশিৰ বাবেও। এই ৰাশিৰ জাতকৰ সাহস, আত্মবিশ্বাস বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হ’ব। স্বাস্থ্যৰ বিষয়ে হৈ সতৰ্ক থাকিব। এই ৰাশিৰ জাতকে পৰিয়ালৰ সৈতে ভাল সময় কটাব। জ্যোতিষ শাস্ত্ৰই জনোৱা অনুসৰি ধনু ৰাশিত মঙ্গলৰ প্ৰৱেশৰ ফলত এই ৰাশিৰ জাতকৰ জীৱনত কোনো আকস্মিক ঘটনা ঘটিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ