নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে প্ৰতিটো গ্ৰহই স্থান পৰিবৰ্তন কৰে৷ যাৰ শুভ-অশুভ প্ৰভাৱ পৰে ১২ ৰাশিৰ ওপৰত৷ জ্যোতিষশাস্ত্ৰ অনুসৰি গ্ৰহৰ সেনাপতি মঙ্গলে প্ৰতি ৪৫ দিনৰ অন্তৰে অন্তৰে ৰাশি পৰিবৰ্তন কৰি থাকে৷ বৰ্তমান বক্ৰী দশাত আছে মঙ্গল৷ আগন্তুক ২৪ ফেব্ৰুৱাৰীৰ পৰা মঙ্গলে চিধা পথেৰে যাত্ৰা আৰম্ভ কৰিব৷ মঙ্গলৰ মাৰ্গী দশাত ৪ৰাশিৰ ভাগ্যৰ চকা ঘূৰিবলৈ আৰম্ভ কৰিব৷ অৰ্থ-যশ-খ্যাতিৰে ভৰিব কাৰ কাৰ জীৱন? জানি থওক সবিশেষ৷
বৃষ ৰাশি
মঙ্গলৰ মাৰ্গী দশাত লাভৱান হ’ব বৃষ ৰাশি৷ এই ৰাশিৰ জীৱনত উন্নতিৰ দিন আহিব৷ বহু দিন ধৰি কৰোবাত পাবলগীয়া ধন ৰৈ থাকিলে এই সময়ত লাভ কৰিব৷ পুৰণি ঋণৰ পৰা মুক্তি পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ সংগীৰ সৈতে ভাল সময় কটাব৷
কন্যা ৰাশি
গ্ৰহৰ সেনাপতিৰ প্ৰভাৱত কন্যা ৰাশিৰ সুদিন উভতি আহিব৷ বহু দিনৰ অসম্পূৰ্ণ কাম শেষ কৰিব পাৰিব৷ কৰ্মক্ষেত্ৰত কামৰ অনুকূল পৰিবেশ থাকিব৷ সহকৰ্মীৰ সহযোগিতা পাব৷ পৰিয়ালৰ সৈতে বাহিৰলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷
তুলা ৰাশি
বছৰৰ আৰম্ভণিতেই মঙ্গলৰ অৱস্থান সলনিত তুলা ৰাশিৰ ভাগ্য সদয় হ’ব৷ যি কোনো কামত হাত দিলে সাফল্যৰ যোগ আছে৷ কৰ্মক্ষেত্ৰত কামৰ প্ৰশংসা পাব৷ নতুন কোনো কামৰ দায়িত্ব পাব পাৰে৷ ব্যৱসায়ত বৃহৎ বিনিয়োগ কৰিব পাৰে, যাৰ পৰা ভৱিষ্যতে লাভ হ’ব৷ মানসিক শক্তি বাঢ়িব৷
কুম্ভ ৰাশি
মঙ্গলৰ প্ৰভাৱত প্ৰেম জীৱন সুখৰ হ’ব৷ সম্পৰ্কত বহুদিন ধৰি অশান্তি চলিলে এইবাৰ দূৰ হ’ব৷ কামত এনাৰ্জি বাঢ়িব৷ সংসাৰত আৰ্থিক সংকট থাকিলে দূৰ হ’ব৷ নতুন কোনো আয়ৰ উৎস বিচাৰি পাব পাৰে৷ ব্যৱসায়ত লাভৰ মুখ দেখিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















