শিৱসাগৰৰ পৰা ইছাদ উল্লাহঃ ৰাজ্যৰ বিজেপি নেতৃত্বাধীন ডঃ হিমন্ত বিশ্ব শর্মাৰ চৰকাৰে গৰুক সুৰক্ষা দিবলৈ কঠোৰ আইন প্ৰণয়ন কৰাৰ সময়তে গৰু চোৰাং তথা ছিণ্ডিকেটত বিজেপি নেতা জড়িত থকাৰ তথ্য পোহৰলৈ আহিছে৷
অৰ্থাৎ খোদ একাংশ বিজেপি নেতাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গো-সুৰক্ষা অভিযানক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি আহিছে৷
উজনি অসমৰ শিৱসাগৰত গৰু ছিণ্ডিকেটৰ মূল মাষ্টাৰ মাইণ্ড ছত্ৰধৰ গগৈক গ্ৰেপ্তাৰ কৰাৰ পিছতে গৰুৰ ছিণ্ডিকেটত বিজেপি নেতা-পালিনেতা জড়িত থকাৰ এই ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷
শিৱসাগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা গৰু ছিণ্ডিকেটৰ মাষ্টাৰ মাইণ্ড এই ছত্ৰধৰ গগৈ হৈছে বিজেপিৰ থাওৰা পানীদিহিং অ’বিচি মৰ্চাৰ সাধাৰণ সম্পাদক৷ অভিযোগ অনুসৰি এই ছত্ৰধৰ গগৈয়ে উজনি অসমত গৰুৰ চোৰাং বেহাৰ নেতৃত্ব দি আহিছে৷
বিজেপিৰ এই পালিনেতাগৰাকীয়ে কন্টেইনাৰ যোগেদি উজনি অসমৰ পৰা চোৰাংভাৱে গৰুৰ সৰবৰাহ কৰি আহিছিল৷ শিৱসাগৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাকেশ ৰোচনৰ নিৰ্দেশতে গৰুৰ চোৰাং মাফিয়া ছত্ৰধৰ গগৈক গ্ৰেপ্তাৰ কৰা হৈছে বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে৷
গৰুৰ চোৰাং ব্যৱসায়ৰ নেতৃত্ব দিয়া এই ছত্ৰধৰ গগৈ থাওৰাৰ নৱনিৰ্বাচিত বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ অতি ঘণিষ্ঠ বুলি পৰিচিত৷ যোৱা উপ নিৰ্বাচনৰ পূৰ্বে সুশান্ত বৰগোহাঁইৰ সৈতে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান দিছিল বিজেপিৰ অ’বিচি মৰ্চাৰ এই সম্পাদকগৰাকীয়ে৷
বিজেপিৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ ঘণিষ্ঠ ছত্ৰধৰ গগৈয়ে শিৱসাগৰৰ ৰাজমাই, দিচাংমুখৰ লগতে ডিব্ৰুগড়, লখিমপুৰৰ পৰা সৰবৰাহ হোৱা গৰুৰ চোৰাং বেহাৰ মাফিয়া গোটটোক নেতৃত্ব দিছিল বুলি জানিব পৰা গৈছে৷
দল বাগৰি উপ নিৰ্বাচনৰ যোগেদি থাওৰাৰ পৰা বিজেপি বিধায়ক হোৱা সুশান্ত বৰগোঁহাইৰ অতি ঘনিষ্ঠ ছত্ৰধৰ গগৈয়ে গৰুৰ চোৰাং বেহা কৰি আৰক্ষীৰ জালত পৰাৰ লগে লগে সমগ্ৰ শিৱসাগৰ জিলাতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ