জীৱনত এইবাৰ প্ৰথম বিজেপিক ভোট দিলে মৌলানা ছাজিদ ৰাছিদীয়ে, ভিডিঅ’ যোগে কাৰণো সদৰি কৰে
কালি ৫ ফেব্ৰুৱাৰী তাৰিখে দিল্লীত বিধানসভা নিৰ্বাচনৰ ভোটদান সম্পূৰ্ণ হয়। সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত হোৱা ভোটদানত মুঠ ভোটাধিকাৰ সাব্যস্ত কৰে ৬০.৩৯ শতাংশ লোকে। তাৰ পাছতে বহু কেইটা সন্থাই সদৰি কৰে এক্সিট প’ল। য’ত এইবাৰ বিজেপিয়ে দিল্লী দখল কৰাৰ কথা প্ৰকশ পাই।
তাৰে মাজতে এইবাৰ অল ইণ্ডিয়া ইমাম এছ’চিয়েশ্যনৰ সভাপতি মৌলানা ছাজিদ ৰছিদীৰ এটা ভিডিঅ সকলোফালে ভাইৰেল হৈ পৰে। ছ’চিয়েল মিডিয়াত প্ৰকাশিত ভিডিঅ’ত মৌলানাগৰাকীয়ে স্পষ্টভাৱে কয় যে, তেওঁ জীৱনত প্ৰথমবাৰৰ বাবে বিজেপিক ভোট দিয়া বুলি দাবী কৰে।
তেখেতে ভোটাধিকাৰ সাব্যস্ত কৰা প্ৰমান দাঙি ধৰি কয় যে, “দিল্লীত কোনে চৰকাৰ গঠন কৰিব সেইটোৰ বাবে মই মোৰ ভোট দিছো। মই কাক ভোট দিছো সেই কথা জানি আপুনি আচৰিত হ’ব।” লগতে ইয়াকো কয় যে, তেখেতে , বিজেপিক ভোট দিছে। জীৱনত প্ৰথমবাৰৰ বাবে বিজেপিত ভোট দিছে মৌলানাগৰাকীয়ে।
ছাজিদ ৰছিদীয়ে বিজেপিক ভোট দিয়াৰ কাৰণ হিচাপে কয় যে, “এতিয়ালৈকে মুছলমানসকলৰ বিৰুদ্ধে বিজেপিক ভোট নিদিয়াৰ অভিযোগ উঠিছিল, কিন্তু আজি মই বিজেপিক জয়ী কৰিবলৈ বিজেপিক ভোট দিছো।”
মৌলানা ছাজিদে কয় যে মুছলমানে কেৱল বিজেপিক পৰাস্ত কৰিবলৈ ভোট দিয়ে বুলি এক ধাৰণা সৃষ্টি হৈছে। তেওঁ স্বীকাৰ কৰে যে এইবাৰ তেওঁ প্ৰথমবাৰৰ বাবে বিজেপিক ভোট দিছে। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে হোৱা বৈঠকত তেওঁ কৈছিল যে মুছলমানে বিজেপিক ভোট নিদিয়ে। কিন্তু বৰ্তমান সময়ত তেওঁ অনুভৱ কৰিছিল যে মুছলমানসকলক ইমানেই ভয় খুৱাইছে যে তেওঁলোকে ভয় আৰু আশংকাত জীৱন কটাবলগীয়া হৈছে। তেওঁৰ মতে বিজেপিক ভোট দি এই আশংকা প্ৰতিহত কৰিব পৰা যাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















