অসম লাইভ২৪ঃ কেলেণ্ডাৰৰ পৃষ্ঠামতে ৩৮ বছৰীয়া হ’ল প্ৰাক্তন মানচেষ্টাৰ ইউনাইটেডৰ তাৰকা ক্ৰিষ্টিয়ানো ৰোনাল্ডোৱে৷ বয়স কেৱল মাথো এটা সংখ্যাহে সেই কথাৰ প্ৰমাণ ৰোনাল্ডোৱে বাৰে বাৰেই দি আহিছে৷ খেলৰ সমান্তৰালকৈ ব্যক্তিগত জীৱনো ৰঙীন ৰোনাল্ডোৰ৷ এক সময়তে একাধিক মহিলাৰ সৈতে প্ৰেমৰ সম্পৰ্কতো আছে ৰোনাল্ডো৷ অবিবাহিত ৰোনাল্ডোৰ বৰ্তমানলৈ আছে ৫ সন্তানো৷ এগৰাকীৰ পাছত আনগৰাকী নাৰী আহিছে ৰোনাল্ডোৰ জীৱনলৈ৷ বাৰে বাৰে প্ৰেম৷ প্ৰেমত স্থায়ীত্ব কিমান সেয়া ৰোনাল্ডোৰ বাবে অপ্ৰযোজনীয়৷ ৰোনাল্ডোৰ প্ৰথম প্ৰেম কেতিয়া আৰম্ভ হৈছিল সেয়া বহুতেই জানিবলৈ আগ্ৰহী৷
ৰোনাল্ডোৰ প্ৰথম প্ৰেম হৈছিল ২০০৭ চনত৷ জেম্মা এটকিনছনৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল ৰোনাল্ডো৷ কিন্তু এই সম্পৰ্ক বেছিদিন টিকি নাথাকিল৷ জেম্মা এগৰাকী মডেল তথা অভিনেত্ৰী৷ ৰোনাল্ডোৰ সৈতে ব্ৰেকআপৰ পাছতেই জেম্মীয়ে এটা ইণ্টাৰভিউত কৈছিল যে এই সম্পৰ্ক গোপনে ৰাখিবলৈকে জেম্মীক দিয়া হৈছিল বহু পৰিমানৰ ধন৷
ইয়াৰ পাছতেই ২০১০ চনত ৰাছিয়ান মডেল ইৰিনাৰ সৈতে সম্পৰ্ক গঢ়ে ৰোনাল্ডোৱে৷ পাঁচ বছৰ ধৰি দুয়ো এই সম্পৰ্কত থাকে৷ কিন্তু ব্যক্তিগত কাৰণত পাছলৈ দুয়োৰে মাজত দূৰত্ব আহে৷ ইৰিনাৰ পাছত আকৌ প্ৰেমত পৰিল ৰোনাল্ডো৷ এইবাৰৰ প্ৰেয়সী টেলিভিছন সাংবাদিক লুছিয়া ভিলালেন৷ লুছিয়াৰ প্ৰেমত হাবুডুবু খাই বেছ কিছুদিন গ’ল যদিও দুয়োৰে সম্পৰ্ক সোনকালেই শেষ হয়৷
আকৌ প্ৰেম আহিল৷ স্পেনিছ সুন্দৰী নেৰিডা গাৰ্লোদাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আগবঢ়ালে ৰোনাল্ডোৱে৷ এসময়ত বলীউডৰ সুন্দৰী অভিনেত্ৰী বিপাশা বাসুৰ সৈতেও নাম সাঙোৰ খাইছিল ৰোনাল্ডোৰ৷ পৰ্তুগালৰ লিছবনৰ এটা পাৰ্টীত দুয়োৱে চুম্বন কৰা এটা ভিডিঅ’ই হৈ চৈ লগাইছিল সামাজিক মাধ্যমত৷ বৰ্তমান জৰ্জিনাৰ সৈতে সম্পৰ্কত আছে ৰোনাল্ডো৷ বিবাহপাশত আৱদ্ধ নহ’লেও দুয়োৰে আছে ৫ টাকৈ সন্তানো৷ দুয়োৰে মাজৰ সম্পৰ্ক বেছ কিছু সুখৰ বুলি বহুসময়ত ৰোনাল্ডোৱে নিজেই প্ৰকাশো কৰি আহিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ