দীৰ্ঘদিন ধৰি শোকাৰ্ত হৈ থকা ঘৰখনত হঠাৎ আনন্দৰ পৰিবেশ৷ মেঘালয়ৰ মধুচন্দ্ৰিমালৈ গৈ পত্নীৰ হাতত প্ৰাণ হেৰুৱাইছিল ইন্দোৰৰ বাসিন্দা ৰাজা ৰঘুবংশীৰ ঘৰলৈ আনন্দ উভতি আহিছে৷ বেলুনেৰে সজোৱা গেট, পৰিয়ালৰ লোকসকলে গোট খাই আনন্দেৰে নৃত্যও কৰিছে৷ কাৰণ ঘৰলৈ নতুন অতিথি আহিছে আহিছে নৱজাতক৷ পুত্ৰসন্তানৰ পিতৃ হৈছে ৰাজাৰ ককায়েক শচীন৷ তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ মত এই নৱজাতকৰ মাধ্যমেৰেই ৰাজাই নিজৰ ঘৰখনলৈ আকৌ উভতি আহিছে৷ বেলুনেৰে সজোৱা গেটৰ ওপৰত লিখা আছে ‘ৰাজা ইজ বেক৷’ ঘৰৰ সকলোৰে দৃঢ় বিশ্বাস, এই নৱজাতকৰ ৰূপেৰেই ৰাজাৰ পুনৰ্জন্ম৷ সদ্যোজাতৰ নামো ৰাজাই ৰখা হৈছে৷
আৱেগৰ ওপৰিও জ্যোতিষ যুক্তিও দিছে পৰিয়ালৰ লোকে৷ তেওঁলোকে কৈছে, বিগত বছৰ মেঘালয়লৈ মধুচন্দ্ৰিমালৈ গৈ একাদশী তিথিতেই মৃত্যু হৈছিল ৰাজাৰ৷ ঘটনাচক্ৰে নৱজাতকৰ জন্মও হৈছে একাদশী তিথিত৷ কাকতালীয় সংযোগ বুলি ক’ব খোজা নাই পৰিয়ালে৷ তেওঁলোকৰ মতে এয়া হৈছে ঈশ্বৰৰ আশীৰ্বাদ৷ সেয়ে ৰাজাই নতুন জন্ম লৈ আকৌ তেওঁলোকৰ মাজলৈ আহিছে৷
ৰাজাৰ মাতৃ উমা ৰঘুবংশীয়ে সংবাদ মাধ্যমৰ আগত কৈছে, ‘আমি আমাৰ হেৰুৱা সন্তানক উভতাই পাইছো৷’ মধ্যপ্ৰদেশৰ ইন্দোৰৰ ব্যৱসায়ী ৰাজা ৰঘুবংশীক বিগত বছৰৰ মে মাহত মেঘালয়ৰ ছহৰাত হত্যা কৰা হৈছিল৷ নিজ পত্নীয়ে মধুচন্দ্ৰিমালৈ আনি হত্যা কৰিছিল ৰাজা ৰঘুবংশীক৷ ছহৰাৰ বিখ্যাত ৱাই ছাউডং জলপ্ৰপাতৰ কাষৰ গভীৰ পাহাৰত ৰাজাৰ মৃতদেহ উদ্ধাৰ হয়৷ ৰাজা কুশৱাহাৰ সৈতে মিলি পত্নী সোনমে হত্যা কৰিছিল ৰাজাক৷ তিনিজন ভাৰাতীয়া হত্যাকাৰীও আনিছিল সোনমে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ