• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

9 months ago
মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

3 days ago
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

3 days ago
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

3 days ago
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

3 days ago
আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

আপোনাৰ উপাৰ্জন মাহত ১লাখ টকা? প্ৰতিমাহে আপুনি কিমান টকা বিনিয়োগ কৰা উচিত?

3 days ago
শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

শুক্ৰৰ সৈতে মঙ্গলৰ যুঁটি, ধনশক্তি ৰাজযোগত টকা গণিবলৈ সাজু থাকক এই ৪ৰাশি

3 days ago
আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

আগন্তুক ২০ এপ্ৰিলত কেতুৱে নক্ষত্ৰ পৰিবৰ্তন কৰিব, অসমীয়া নৱবৰ্ষৰ পাছতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 days ago
চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

চলিত সপ্তাহত ৰূপতেই বাঢ়িল ৮হাজাৰ টকা, কিমান বাঢ়িল সোণৰ দাম? জানি থওক সাপ্তাহিক ৰেট

3 days ago
শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

শুক্ৰৰ অশেষ কৃপা, মাৰ্চতেই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতক-জাতিকাৰ

3 days ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

4 days ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

4 days ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

4 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, February 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?

editor by editor
June 10, 2025
in অপৰাধ, উত্তৰ-পূব, জীৱনশৈলী, ভাৰত
0
ৰাজা ৰঘুবংশীৰ শেষকৃত্যত আহিছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাও, কি উদ্দেশ্যেৰে ৰাজাৰ পৰিয়ালৰ আশেপাশে আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা? কি কৈছে আৰক্ষীয়ে?
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মেঘালয়ত হানিমুন কাণ্ডত আহি প্ৰাণ হেৰুওৱা ৰাজা ৰঘুবংশীৰ মৃত্যুৰ তদন্তত মুকলি হৈছে এটাৰ পাছত আনটো ৰহস্য৷ ৰাজা ৰঘুবংশী আৰু সোনমৰ পৰিয়ালৰ ঘনিষ্ঠ সান্নিধ্যত আছিল হত্যাকাৰী অভিযুক্ত সোনমৰ প্ৰেমিক ৰাজা কুশৱাহা৷ আনকি সোনমৰ স্বামীৰ শেষকৃত্যতো উপস্থিত আছিল হত্যাৰ অভিযুক্ত৷ হত্যাৰক পাছতো নিজকে আঁতৰাই ৰখা নাছিল বৰং দুই পৰিয়ালৰ কাষে কাষেই আছিল হত্যাকাৰী বুলি প্ৰকাশ পাইছে তদন্তৰ ৰিপৰ্টত৷

মেঘালয়ত হানিমুন ট্ৰেভেলছৰ কাহিনী এতিয়া পৰিণত হৈছে হানিমুন হৰৰ কাহিনীলৈ৷ ফুৰিবলৈ গৈ প্ৰথমে দম্পতিৰ নিখোঁজ কাণ্ডৰ খবৰ ভাইৰেল হৈছিল৷ আৰক্ষীৰ সন্ধানত উদ্ধাৰ হৈছিল ৰাজা ৰঘুবংশীৰ ক্ষতবিক্ষত মৃতদেহ৷ তাৰপিছতেই মেঘালয়ৰ পৰা মধ্যপ্ৰদেশ পাইছিলগৈ কাহিনী৷ বিগত ১৭ দিনীয়া অভিযানৰ অন্তত আৰক্ষীৰ হাতত পৰিল আটাইকেইটা হত্যাকাৰী৷ আৰক্ষীয়ে প্ৰমাণ কৰি দিলে সোনম ৰঘুবংশী ভিক্টিম নহয় তেওঁ নিজেই হত্যাকাৰী ভিলেইন৷ প্ৰাথমিক তদন্তৰ ৰিপৰ্ট অনুসৰি প্ৰেমিকৰ সৈতে হাত মিলাই মেঘালয়ত হানিমুনলৈ গৈ স্বামী ৰাজা ৰঘুবংশীক হত্যাৰ ষড়যন্ত্ৰ কৰিছিল সোনমে৷ কামত লগোৱা হৈছিল ভাড়াতীয়া হত্যাকাৰীকো৷

দেওবাৰে সোনমৰ সন্ধান লাভৰ পাছতেই আৰক্ষীৰ জালত পৰিছে সোনমৰ প্ৰেমিক ৰাজ কুশৱাহাৰ পৰা আৰম্ভ কৰি অন্য হত্যাকাৰী কেইটাও৷ ৰাজা ৰঘুবংশীৰ হত্যাৰ অভিযোগত সোনমৰ গ্ৰেপ্তাৰ প্ৰথমে যেন মানি ল’ব পৰা নাছিল ৰাজাৰ পৰিয়ালে৷ বোৱাৰীয়েকে এনে কাণ্ড কৰিব সপোনতো ভাৱিব পৰা নাছিল ৰাজাৰ পৰিয়ালে৷ কিন্তু কাহিনী ইমানতেই শেষ নহয়, ইয়াৰ পাছতেই সোনমৰ পুৰণি প্ৰেমৰ খবৰো সন্মুখলৈ আহিছে৷ প্ৰেমিকৰ সৈতে হাতে হাত ধৰি এই কাণ্ডৰ পৰিকল্পনা ৰচিছিল সোনমে৷ এই খবৰ জানি আকৌ সৰগ ভাঙি পৰিছে ৰাজা ৰঘুবংশীৰ পৰিয়ালৰ লোকৰ মনত৷ ৰাজ কুশৱাহাৰ নাম আৰু ছবি দেখাৰ পাছতেই ৰাজা ৰঘুবংশীৰ মাতৃ আৰু ভনীয়েকে দাবী কৰিছে যে ৰাজাৰ শেষকৃত্যতো উপস্থিত আছিল ৰাজ কুশৱাহা৷

ভিডিঅ দেখুৱাই ৰাজাৰ ভনীয়েকে দাবী কৰিছে যে সোনমৰ পিতৃ দেবী সিঙৰ সৈতে শেষকৃত্যৰ দিনা তেওঁলোকৰ ঘৰলৈ আহিছিল ৰাজ কুশৱাহা৷ আনকি ৰাজাৰ মৃতদেহ দেখি শোকত ভাঙি পৰা সোনমৰ পিতৃকো সান্তনা দিছিল ৰাজ কুশৱাহাই৷ শেষকৃত্য অনুষ্ঠানলৈ অহা দুই পৰিয়ালৰ আত্মীয় আৰু প্ৰত্যক্ষদৰ্শীয়ে জনাইছে যে শেষকৃত্যৰ দিনা দিনজুৰি তাতেই আছিল সোনমৰ প্ৰেমিক ৰাজ কুশৱাহা৷ ৰাজাৰ শেষকৃত্যত যোগদানৰ বাবে অহা আত্মীয়স্বজনক লৈ সোনমৰ ঘৰৰ পৰা মুঠ ৪-৫খন বাহন আহিছিল৷ সেই বাহনসমূহৰ মাজত এখন বাহন চলাইছিল ৰাজ কুশৱাহাই৷

ইয়াৰ পূৰ্বে ৰাজা ৰঘুবংশীৰ ভাতৃ বিপুল ৰাজবংশীয়ে ৰাজৰ নাম শুনি জনাইছিল যে সি সোনমৰ পিতৃৰেই এজন কৰ্মচাৰী৷ ৰাজা ৰঘুবংশীৰ পত্নী সোনমৰ পাৰিবাৰিক চানমাইকা চিটছৰ ৱাৰহাউছত কাম কৰিছিল ৰাজ কুশৱাহাই৷ হত্যাৰ পাছতেই নিজক পলুৱাই নাৰাখি সোনমৰ পৰিয়ালৰ কাষে কাষে আছিল ৰাজ কুশৱাহা৷ কোনোৱে যাতে সন্দেহ নকৰে তাৰবাবেই এই সিদ্ধান্ত লৈছিল বুলিও সন্দেহ কৰিছে আৰক্ষীয়ে৷

ৰাজা ৰঘুবংশীৰ হত্যাত সোনমৰ সৈতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰেমিক ৰাজ কুশৱাহাক৷ তদন্তকাৰীসকলৰ দাবী সোনমৰ স্বামীক হত্যাৰ বাবে ভাড়াতীয়া হত্যাকাৰীৰ ব্যৱস্থা কৰিছিল ৰাজ কুশৱাহাই৷ ইন্দোৰৰ ট্ৰান্সপৰ্ট ব্যৱসায়ী ৰাজা ৰঘুবংশীৰ সৈতে ১১ মেত সাতপাকত বান্ধ খাইছিল সোনম ৰঘুবংশী৷ ইয়াৰ পাছতেই ২০ মেত মেঘালয়লৈ হানিমুনলৈ যায় নৱদম্পতি৷ ২৩ তাৰিখৰ পৰা সন্ধানহীন হৈ আছিল ৰাজা আৰু সোনম৷ বিশেষ তদন্তকাৰী দলে দম্পতিৰ সন্ধানত অভিযান চলাই ২ জুনত ৱাইছাউডাং জলপ্ৰপাতৰ কাষৰ এটা খাদৰ পৰা উদ্ধাৰ কৰিছিল ৰাজাৰ ক্ষতবিক্ষত দেহ৷ ৪ জুনত মৰোণোত্তৰ পৰীক্ষাৰ পাছত ৰাজাৰ দেহ মেঘালয়ৰ পৰা ইন্দোৰলৈ পঠিওৱা হয়৷ তেতিয়ালৈ সন্ধান ওলোৱা নাছিল সোনমৰ৷ বিগত ১৭ দিন অভিযান চলাই অৱশেষত গাজিপুৰৰ পৰা নিজেই আত্মসমৰ্পণ কৰে সোনম ৰঘুবংশীয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট
জীৱনশৈলী

মাৰ্চত মাৰ্গী হ’ব বৃহস্পতি, এই ৫ৰাশিৰ ভৰিব পকেট

February 22, 2026
২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য
জীৱনশৈলী

২০২৬ চনত আহিব পাৰে কেৰিয়াৰত আহিব ডাঙৰ টাৰ্নিং পয়েণ্ট, ৫ৰাশিৰ হাতৰ মুঠিত থাকিব সাফল্য

February 22, 2026
৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?
জীৱনশৈলী

৫ বছৰত পাব ৭.৯ লাখ টকা, চৰকাৰী এই স্কিমত কিমান টকা মাহিলী জমা কৰিব?

February 22, 2026
দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ
জীৱনশৈলী

দৌল পূৰ্ণিমাতেই চন্দ্ৰগ্ৰহণ, এই ৩ৰাশিৰ জীৱনলৈ আহি আছে সুখবৰ

February 22, 2026
Next Post
জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

জেঠৰ পূৰ্ণিমাত ভাদ্ৰ ৰাজযোগ, কাইলৈ উজলিব এই ৫ৰাশিৰ ভাগ্য

সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

সোনমেই মূল মাষ্টাৰমাইণ্ড, স্বামীক শেষ কৰাৰ পাছত ইন্দোৰলৈ উভতনি যাত্ৰা, ইন্দোৰত উপস্থিত হৈ প্ৰেমিক ৰাজৰ সৈতে হোটেলৰ কোঠাত নিশা উদযাপন, আৰু নতুন কি কি তথ্য?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.