মেঘালয়লৈ হনিমুনলৈ গৈ স্বামীক হত্যা কৰা সোনম ৰঘুবংশী আৰক্ষীৰ জিম্মাত৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে সোনমৰ প্ৰেমিক ৰাজ সিং কুশৱাহাক৷ মেঘালয় আৰক্ষীৰ এটা দল আৰু মধ্যপ্ৰদেশ আৰক্ষীয়ে দেওবাৰে নিশা যৌথ অভিযান চলাই ইন্দোৰৰ পৰা ধৰিবলৈ সক্ষম হৈছে ৰাজক৷ সোমবাৰে দুপৰীয়া এই কথা জনাইছে মেঘালয়ৰ পূৱ খাছী হিলছ জিলাৰ আৰক্ষী ছুপাৰিণ্টেণ্ডেণ্ট বিবেক চিয়েমে৷
সোমবাৰে পুৱা উত্তৰপ্ৰদেশৰ গাজিপুৰ থানাত আত্মসমৰ্পণ কৰিছে সোনমে৷ তেওঁক তাতেই গ্ৰেপ্তাৰো কৰা হৈছে৷ সেই সময়ত প্ৰাথমিকভাৱে তিনিজনৰ গ্ৰেপ্তাৰৰ খবৰ ভাইৰেল হৈছিল৷ তেওঁলোকৰ পৰিচয় অৱশ্যে প্ৰকাশ কৰা হোৱা নাছিল৷ দুপৰীয়া পূৱ খাচী হিলছৰ আৰক্ষী ছুপাৰিণ্টেণ্ডেণ্টে জনাই যে গ্ৰেপ্তাৰ কৰা তিনিজনৰ ভিতৰত এজন হৈছে ৰাজা কুশৱাহা৷ ৰাজা কুশৱাহাৰ বয়স প্ৰায় ২১ বছৰ৷ ৰাজাৰ ওপৰিও গ্ৰেপ্তাৰ কৰা হৈছে বিশাল সিং চৌহান নামৰ ২২ বছৰীয়া এগৰাকী তৰুণক৷ ইয়াৰোপৰি উত্তৰপ্ৰদেশৰ ললিতপুৰত অভিযান চলাই গ্ৰেপ্তাৰ কৰা হৈছে আকাশ ৰাজপুত নামৰ ১৯ বছৰ বয়সীয়া এগৰাকী অভিযুক্তক৷
আৰক্ষী বিষয়াগৰাকীয়ে জনোৱা অনুসৰি প্ৰথমে ললিতপুৰৰ পৰা আকাশক গ্ৰেপ্তাৰ কৰা হয়৷ তাৰপাছতেই ইন্দোৰৰ পৰা কুশৱাহা আৰু বিশাল ধৰা পৰে৷ আৰক্ষীৰ অভিযান আৰম্ভ হোৱাৰ পাছতেই উত্তৰপ্ৰদেশৰ গাজিপুৰৰ থানাত আত্মসমৰ্পন কৰে সোনমে৷ তাৰপাছতেই এই ঘটনাত সোমবাৰে দুপৰীয়া মধ্যপ্ৰদেশৰ সাগৰ জিলাৰ পৰা আৰু এগৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয়৷ বৰ্তমানলৈ মুঠ পাঁচগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে৷ সোনমক নিজৰ জিম্মাত লৈ ইতিমধ্যে উত্তৰপ্ৰদেশৰ উদ্দেশ্যে ৰাওনা হৈছে মেঘালয় আৰক্ষীৰ এটা পৃথক দল৷
মেঘালয় আৰক্ষীৰ সন্দেহ যে অভিযুক্তসকলে ২৩ মেতেই ৰাজা ৰঘুবংশীক হত্যা কৰিছে৷ সেই দিনটোতেই তেওঁলোকে মেঘালয় এৰাৰ সন্দেহ আৰক্ষীৰ৷ পূৱ খাছি জিলাৰ আৰক্ষী বিষয়াগৰাকীয়ে জনাইছে যে প্ৰাথমিকভাৱে বিষয়টোক হত্যাকাণ্ড বুলি ধাৰণা কৰা হোৱা নাছিল৷ কোনো পৰ্যটক নিখোঁজ হৈছে বুলি ধাৰণা কৰি সেইমতেই অভিযান চলোৱা হৈছিল৷ কিন্তু যুৱকৰ দেহ উদ্ধাৰৰ পাছত ঘটনাতো হত্যাকাণ্ড বুলি স্পষ্ট হয় আৰক্ষী৷ তাৰপাছতেই বিশেষ চিট গঠন কৰি অভিযান আৰম্ভ কৰে আৰক্ষীয়ে৷
ইন্দোৰৰ পৰা গ্ৰেপ্তাৰ হোৱা ধৃত ৰাজ কুশৱাহা সোনমৰ প্ৰেমিক নেকি? ৰাজৰ পৰিকল্পনাতেই হত্যা কৰা হৈছে ৰাজাক? সেই প্ৰশ্নও কৰা হৈছিল আৰক্ষীক৷ ঘটনাৰ গতিবিধি নিৰীক্ষণ কৰি এই কথা সঁচা হোৱাটোও কোনো কল্পনাতীত কথা নহয় বুলি ধাৰণা কৰিছে আৰক্ষীয়ে৷ প্ৰাথমিক তদন্তত আৰক্ষীয়ে জানিব পাৰিছে যে এই ঘটনা সংঘটিত কৰাৰ সময়ত ৰাজ কুশৱাহা সোনমৰ সৈতেই আছিল৷ তেওঁলোকক মেঘালয়লৈ আনি জেৰা কৰিলেহে বিষয়টো স্পষ্ট হব বুলি জনাইছে আৰক্ষী বিষয়াগৰাকীয়ে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















