অসম লাইভ২৪ঃ ফেব্ৰুৱাৰী মাহৰ ৰাশি পৰিবৰ্তন কৰিব গ্ৰহৰ ৰাজকুমাৰ বুধে। ২০ ফেব্ৰুৱাৰীত বুধে মকৰ ৰাশিৰ পৰা বাহিৰলৈ আহি কুম্ভ ৰাশিত প্ৰৱেশ কৰিব। বুধৰ এই ৰাশি পৰিবৰ্তনৰ ফলত তিনি ৰাশিৰ জাতকৰ ভাগ্য চমকি উঠিব। কেৰিয়াৰ আৰু ব্যৱসায়ত উন্নতি হ’ব। জ্যোতিষ শাস্ত্ৰ অনুসৰি বুধ বুদ্ধি আৰু ব্যৱসায়ৰ কাৰক গ্ৰহ। ফেব্ৰুৱাৰীৰ শেষৰ ভাগৰ পৰা কোন কোন ৰাশিৰ ভাগ্য চমকি উঠিব জানি থওক সবিশেষ।
মেষ ৰাশি
বুধৰ গোচৰ মেষ ৰাশিৰ জাতকৰ বাবে শুভ প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ একাদশ স্থানত বুধে ভ্ৰমণ কৰিব। এই সময়ত অসাধাৰণ হাৰত আয় বাঢ়িব মেষ ৰাশিৰ জাতকে। ইয়াৰোপৰি আয়ৰ নতুন উৎস লাভ কৰিব। লগ্নিৰ দ্বাৰাও লাভ অৰ্জন কৰিব পাৰিব। চাকৰিত প্ৰভাৱ বাঢ়িব, ইয়াৰোপৰি নতুন দায়িত্ব পাব এই ৰাশিৰ জাতকে। শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীৰ মাধ্যমেৰে অৰ্থ উপাৰ্জন কৰিব পাৰিব।
মিথুন ৰাশি
বুধৰ ৰাশিৰ পৰিবৰ্তন মিথুন ৰাশিৰ জাতকৰ বাবে অনুকূল প্ৰমাণিত হ’ব। বুধে আপোনাৰ ৰাশিৰ নৱম স্থানত বিচৰণ কৰিছে। এই সময়ত ভাগ্যৰ সংগ লাভ কৰিব আপুনি। পৰিকল্পিত প্ৰকল্পত সফল হ’ব। এই সময়ত মান সন্মান আৰু প্ৰতিষ্ঠাও লাভ কৰিব আপুনি। চাকৰি পৰিবৰ্তনৰ চেষ্টা কৰিলে তাত সফলতা অৰ্জন কৰিব। চাকৰিত পদোন্নতিৰ যোগ। এই সময়ত দেশ বিদেশ যাত্ৰা কৰিব পাৰে আপুনি।
মকৰ ৰাশি
বুধৰ ৰাশি পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে লাভপ্ৰদ প্ৰমাণিত হ’ব। আপোনাৰ ৰাশিৰ ধন আৰু বাণীৰ স্থানত বিচৰণ কৰিব বুধে। বিভিন্ন সময়ত অন্তৰালত আকস্মিক ধন লাভ কৰিব পাৰিব। ইয়াৰোপৰি যোগাযোগ ব্যৱস্থা মজবুত হ’ব। নতুন ব্যক্তিৰ সৈতে যোগাযোগ কৰিব পাৰে। স্বাস্থ্য উন্নত। কেৰিয়াৰ আৰু আয়ৰ ক্ষেত্ৰত সাহসী সিদ্ধান্ত ল’ব পাৰে। এই সময়ত আপুনি আৰ্থিকভাৱে মজবুত হ’ব। কাম আৰু ব্যৱসায় সংক্ৰান্তীয় মাৰ্কেটিং, যোগাযোগ, মিডিয়াত জড়িত জাতকৰ বাবে ভাল লাভৰো যোগ।
কুম্ভ ৰাশি
জ্যোতিষ অনুসৰি কুম্ভ ৰাশিৰ জাতকৰ বাবে বুধৰ ৰাশি পৰিবৰ্তন লাভজনক প্ৰমাণিত হ’ব। এই ৰাশিতেই বুধে গোচৰ কৰিব। লগ্ন স্থানত উপস্থিতিৰ বাবে কুম্ভৰ জাতকৰ কাৰ্যশৈলী উন্নত হ’ব। নিজৰ কাম আৰু স্বাস্থ্যক প্ৰাথমিক গুৰুত্ব প্ৰদান কৰক। ধন বৃদ্ধিৰ একাধিক সুযোগ লাভ কৰিব আপুনি। ইয়াৰ ফলত আৰ্থিক পৰিস্থিতি উন্নত হ’ব। আত্মবিশ্বাস বৃদ্ধি হ’ব। বিবাহিত জীৱন আনন্দময় হ’ব। অংশীদাৰীৰ ব্যৱসাৰ কৰাৰ পৰিকল্পনা থাকিলে এই সময় অনুকূল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ