জ্যোতিষ গণনাই কৈছে মুহূৰ্ততে বিপৰীত মুখত চলিছে বুধ গ্ৰহই৷ অৰ্থাৎ আৰম্ভ হৈছে বক্ৰী চলন৷ ১০ নৱেম্বৰৰ পৰা বক্ৰী হৈছে বুধ৷ চলিব ২৯ নৱেম্বৰ ২০২৫ লৈকে৷ ২৯ নৱেম্বৰত আকৌ মাৰ্গী হ’ব বুধ৷ গণনাই কৈছে ২৯ নৱেম্বৰৰ নিশা ১১বাজি ৭ মিনিটত বৃশ্চিক ৰাশিত মাৰ্গী হ’ব বুধ৷ বৰ্তমান বৃশ্চিক ৰাশিতেই অৱস্থান কৰিছে বুধে৷ বৃশ্চিক ৰাশিৰ অধিপতি গ্ৰহ মঙ্গল৷ তাতেই বুধৰ বক্ৰী অৱস্থান বেছ গুৰুত্বপূৰ্ণ৷ জ্যোতিষশাস্ত্ৰই কৈছে ইয়াৰ ফলত কেইবাটাও ৰাশিৰ জীৱনত নানান পৰিবৰ্তন আহিব৷ বুধ বক্ৰী থকাত এই ১৮ দিন কেইবাটাও ৰাশিৰ বাবে সুসময় হ’ব পাৰে৷ পৰিব পাৰে নানান অশুভ প্ৰভাৱ৷ ব্যৱসায়, আৰ্থিক ক্ষেত্ৰতো বিশেষ প্ৰভাৱ পৰিব পাৰে৷
বুধৰ বক্ৰী চলনত কোন ৰাশিৰ ওপৰত কি প্ৰভাৱ পৰিব?
মেষ ৰাশিৰ জীৱনত প্ৰভাৱ
বুধৰ বিপৰীতমুখী গতিৰ কাৰণে, মেষ ৰাশিৰ জাতক জাতিকাৰ কামত বিলম্ব হব পাৰে৷ এই সময়ত মেষ ৰাশিৰ জাতকৰ আৰ্থিক দিশত সচেতন হোৱা প্ৰয়োজন৷ স্বাস্থ্যৰ দিশত অতিৰিক্ত যত্ন লওক৷ সময়ে সময়ে মেডিকেল টেষ্ট কৰোৱা প্ৰয়োজন৷ অন্যথা কোনো বিপদত পৰিব পাৰে৷
বৃষ ৰাশিৰ জীৱনত প্ৰভাৱ
বুধৰ বিপৰীতমুখী গতি বৃষ ৰাশিৰ জাতকৰ বাবে খুবেই শুভ প্ৰমাণিত হব পাৰে৷ এই সময়ত বাঢ়িব অৰ্থ প্ৰবাহ৷ দূৰ হব দীৰ্ঘদিনৰ সংকট৷ অপ্ৰত্যাশিত কোনো উৎসৰ পৰাও টকা আহিব পাৰে৷ আদালতত গোচৰ চলিলে জয়লাভৰ সম্ভাৱনা আছে৷ ভাগ্যৰ সহায় থাকিব৷
মিথুন ৰাশিৰ জাতকৰ জীৱনত প্ৰভাৱ
বুধৰ বিপৰীতমুখী গতি মিথুন ৰাশিৰ বাবে মিশ্ৰ ফলাফল কঢ়িয়াই আনিব পাৰে৷ আছে শুভ অশুভ সকলো যোগ৷ ধৈৰ্য্যই সাফল্য কঢ়িয়াই আনিব৷ অন্যৰ সহায় কৰিলে নিজেও উপকৃত হব৷ শত্ৰুৱে আপোনাৰ ওপৰত আধিপত্য বিস্তাৰ কৰাৰ চেষ্টা কৰিও ব্যৰ্থ হব৷ আপোনাৰ কথা আৰু ব্যক্তিত্বই অন্যৰ ওপৰত প্ৰভাৱ বৃদ্ধি কৰিব৷ এই সময়ত চিন্তা কৰি কাম কৰক৷ আৰ্থিক ক্ষতি আছে৷ এই ক্ষেত্ৰত সাৱধানে থাকিব৷
কৰ্কট ৰাশিৰ জাতকৰ জীৱনত প্ৰভাৱ
কৰ্কট ৰাশিৰ জাতকৰ বাবে বুধৰ বক্ৰী চলনত প্ৰেম বৃদ্ধি পাব৷ জ্ঞান বৃদ্ধি পাব৷ প্ৰবীণ কোনো ব্যক্তিৰ কামত পৰামৰ্শ বা সহায় পাব পাৰে৷ ইয়াত আপোনাৰ উপকাৰ হব৷ নব্য বিবাহিতসকলে সন্তান সুখ লাভ কৰিব পাৰে৷ বুদ্ধিৰ বাবে অন্যৰ সহায় পাব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















