পুনৰ অশান্ত হৈছে জম্মু-কাশ্মীৰৰ পৰিস্থিতি। প্ৰতিদিনে কাশ্মীৰী হিন্দু তথা প্ৰব্ৰজিত লোকসকলৰ ওপৰত ভয়ংকৰ সন্ত্ৰাসবাদী আক্ৰমণ সংঘটিত হৈছে। বৃহস্পতিবাৰে এজন বেংক বিষয়াক সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰিছিল।
বিগত ১ মে’ৰ পাছৰ পৰা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বেংক বিষয়া বিজয় কুমাৰ কাশ্মীৰৰ অষ্টমজন লোক। ইমানতে ক্ষান্ত হোৱা নাই সন্ত্ৰাসবাদীৰ আক্ৰমণৰ ঘটনা।
বৃহস্পতিবাৰে নিশা বাডগামত এজন প্ৰব্ৰজিত শ্ৰমিকক গুলীয়াই হত্যা কৰে সন্ত্ৰাসবাদীয়ে। নিহত শ্ৰমিকজন বিহাৰৰ দিলখুছ কুমাৰ বুলি চিনাক্ত কৰা হৈছে। বৃহবাডগামৰ চাডুৰা গাঁৱত এটা ইটাৰ ভাটাত কৰ্মৰত হৈ আছিল নিহত শ্ৰমিকজন।
লগতে পঢ়ক ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰলৈ ভাল খবৰ! কমনৱেলথ গেমছলৈ যোগ্যতা অৰ্জন শিৱ থাপাৰ
জম্মু-কাশ্মীৰৰ পৰিস্থিতি সম্পৰ্কত মত প্ৰকাশ কৰি জম্মু-কাশ্মীৰ পিপুলছ কনফাৰেঞ্চৰ নেতা ছাজাদ লোনে কয় এটা পৰ্যায়ৰ হিংসাত্মক কাৰ্যই জম্মু-কাশ্মীৰক কেতিয়াও ৰেহাই দিয়া নাই। ই সদায়ে উপত্যকাটোত বৰ্তি আছে। এই হিংসাক অভিযানৰ জৰিয়তে আৰু মনোবৈজ্ঞানিকভাৱে প্ৰত্যুত্তৰ দিব লাগিব।
তেওঁ লগতে কয় যে, কেৱল অমুছলমান লোকলকলেই নহয়, জম্মু-কাশ্মীৰত এনে এটা দিন যোৱা নাই, যিদিনা কোনো মুছলমান লোকৰ প্ৰাণহানি হোৱা নাই। এয়া এক অতি দুখদায়ক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ