অসম লাইভ ২৪ঃ ৰাজ্যত পঞ্চদশ মুখ্যমন্ত্ৰী হিচাপে সোমবাৰে শপত ল’লে ড০ হিমন্ত বিশ্ব শর্মাই। নতুন মুখ্যমন্ত্ৰীগৰাকীৰ লগতে শপত ল’লে ১৩ জনকৈ মন্ত্ৰীয়ে। পিছে কোন মন্ত্ৰীক দিয়া হ’ব কি দপ্তৰ? ‘অসম লাইভ ২৪’ৰ হাতত আহি পৰিছে exclusive তথ্য। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ হাততে থাকিব গৃহ, sad, gad, বিত্ত, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, উচ্চ শিক্ষা, নির্বাচন, bad আৰু আন বিতৰণ নোহোৱা দপ্তৰসমূহ। ৰঞ্জিত কুমাৰ দাসক দিয়া হ’ব লোকনির্মাণ, খাদ্য আৰু অসামৰিক যোগান, সংসদীয় পৰিক্ৰমা দপ্তৰ। আনহাতে অতুল বৰাক দিয়া হ’ব কৃষি আৰু পশু কল্যাণ দপ্তৰ। একেদৰে ইউ জি ব্ৰহ্মক দিয়া হ’ব সমাজ কল্যাণ আৰু ভৈয়াম জনজাতি উন্নয় দপ্তৰ। বন আৰু পর্যটন, আবকাৰী দপ্তৰ দিয়া হ’ব পৰিমল শুক্লবৈদ্যক। পৰিবহণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন দপ্তৰ থাকিব চন্দ্ৰ মোহন পাটোৱাৰীৰ হাতত। কেশৱ মহন্তক দিয়া হ’ব ভূমি সংৰক্ষণ আৰু জলসম্পদ দপ্তৰ। একেদৰে সঞ্জয় কিষাণক দিয়া হ’ব শ্ৰম উন্নয়ন, চাহ জনজাতি উন্নয়ন দপ্তৰ। জনস্বাস্থ্য কাৰিকৰী আৰু তথ্য জনসংযোগ দপ্তৰ দিয়া হ’ব যোগেন মহনক। অজন্তা নেওগক দিয়া হ’ব গড়কাপ্টানি আৰু ছপাশাল দপ্তৰ। অশোক সিংঘালক দিয়া হ’ব শক্তি, বাণিজ্য আৰু উদ্যোগ দপ্তৰ। একেদৰে হিমন্ত বিশ্ব শর্মাৰ ঘনিষ্ঠ পীয়ূষ হাজৰিকাক দিয়া হ’ব জলসিঞ্চন, প্ৰাথমিক শিক্ষা আৰু যুৱ কল্যাণ দপ্তৰ। বিমল বৰাক দিয়া হ’ব নগৰ উন্নয়ন, ৰাজহ আৰু প্ৰশমন দপ্তৰ। ইতিমধ্যে এই তালিকা সোমবাৰে নিশাই প্ৰেৰণ কৰা হৈছে বিজেপিৰ হাইকমাণ্ডলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















